
ধেমাজি, ২৯ জুন (হি.স.)। অৰুণাচলত প্ৰৱল বৃষ্টিপাত আৰু ব্যাপক ভূমিস্খলনে হাহাকাৰ সৃষ্টি কৰিলে ধেমাজিত ৷ দেওবাৰে অকস্মাত চীমেন - চিলি - দিখাৰী নৈয়ে অহা ঢলে তছনচ কৰি পেলালে ধেমাজিৰ চীমেন চাপৰি আৰু জোনাইৰ বিস্তৃত অঞ্চল৷ ধেমাজিৰ অসম অসম অৰুণাচল সীমান্তৰ পৰা চৌধ্য কিলোমিটাৰ আঁতৰত মাগি নামৰ ঠাইত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিল চিজি নৈ৷ প্ৰৱল ঢলত খহি পৰিল চীমেন নৈৰ ওপৰৰ ৰেল’ৱে দলঙ৷ জোনাইৰ ৰাষ্ট্ৰীয় ঘাইপথৰে বাগৰিল একঁকাল পৰ্যন্ত পানী৷ উটি গ’ল৷
চিলি নৈয়ে উটাই নিলে কেমুৰ লোহাৰ দলং৷ জোনাইৰ বিভিন্ন স্থানত চিগিল বাট পথ৷ চীমেন নৈত গৰু বিচাৰি যোৱা চিমেন বালিখুটি গাওঁৰ চাৰিজন লোক উটি গ’ল কোবাল সোঁতত৷ তিনিজনক উদ্ধাৰ কৰা হ’ল যদিও বাতৰি লিখা পৰলৈকে সন্ধানহীন হৈ আছে চিমেন বালিখুটিৰ সুদাময় যাদব নামৰ এজন৷
ধেমাজি জিলাত বৰ্তমানলৈকে ৯টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে৷ ইয়াৰে জোনাই ৰাজহ চক্ৰত ৪টা, চিচিবৰগাঁও ৰাজহ চক্ৰত ২টা আৰু গোগামুখ ৰাজহ চক্ৰত ১টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে৷
চলিত বানত জিলাখনৰ মুঠ ৪৫ খন ৰাজহ গাঁও ক্ষতিগ্ৰস্ত হৈছে৷ ইয়াৰে ৩১ খন জোনাই ৰাজহ চক্ৰত আৰু ১৪ খন চিচিবৰগাঁও ৰাজহ চক্ৰত৷
বৰ্তমানলৈকে ধেমাজি জিলাত প্ৰায় ১২০০০ লোক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ধেমাজিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী সুশান্ত বুঢ়াগোঁহাই আৰু দূৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই৷ দুয়োজন মন্ত্ৰীয়ে আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ সকলো সমস্যা সোনকলে সমাধান কৰাৰ আশ্বাস দিয়ে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা