
গুৱাহাটী, ২৯ জুন (হি.স.)। লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এপিচিচি)ৰ শীৰ্ষ নেতৃত্বই ৰাজ্যৰ জিলাই জিলাই সংবাদমেল সম্বোধন কৰি ৰাইজক সজাগ কৰা পৰিলক্ষিত হৈছে। কালি কেবাখনো জিলাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু মুখপাত্ৰসকলে সংবাদমেল সম্বোধন কৰাৰ পিছত আজি ধেমাজি জিলাত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই সংবাদমেল সম্বোধন কৰে । সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কোটাত অনুষ্ঠিত 'ছাত্ৰো কী গুঞ্জ’ সমাৱেশত আগবঢ়োৱা গুৰুত্বপূৰ্ণ বক্তব্যসমূহৰ আধাৰত নীট (NEET-UG) আৰু ইউজিচি-নেটৰ প্ৰশ্নকাকত ফাদিল তথা শিক্ষাৰ্থীৰ আত্মহত্যাক লৈ চৰকাৰক কঠোৰভাৱে জবাবদিহি কৰে । তেওঁ আৰু কয় যে বিগত ২০১৯ ৰ পৰা ২০২৪ চনৰ ভিতৰত ভাৰতৰ ১৫ খনতকৈও অধিক ৰাজ্যত প্ৰায় ৪১ টা ডাঙৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হৈছে, যাৰ বাবে সমগ্ৰ দেশৰ প্ৰায় ১.৪ কোটি পৰীক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া হৈছে ।
বিগত ১২ বছৰৰ কেন্দ্ৰীয় পৰীক্ষা আৰু বিভিন্ন ৰাজ্যৰ নিযুক্তি পৰীক্ষাসমূহ ধৰিলে এই সংখ্যা ৭০ ৰ পৰা ১০০ ৰো অধিক হ'ব, য’ত কেন্দ্ৰীয় পৰ্যায়ৰ এন ই ই টি-ইউ জি, ইউ জি চি-এন ই টি, চিবিএছচি আৰু এছ এছ চি ৰ উপৰিও ৰাজ্যিক পৰ্যায়ৰ শিক্ষক (আৰ ই ই টি/টিইটি) আৰু আৰক্ষী নিযুক্তিৰ পৰীক্ষাসমূহ আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। প্ৰথমবাৰ প্ৰশ্নকাকত ফাদিল হওতেই চৰকাৰ কিয় সাৱধান নহ’ল বুলিও বৰাই প্ৰশ্ন কৰে। যিখন চৰকাৰে পৰীক্ষা এটা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে সেইখন চৰকাৰে দেশৰ ভৱিষ্যত কিদৰে সুৰক্ষিত কৰিব বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰীৰ নিজৰে ডিগ্ৰীক লৈ দেশত বিতৰ্ক চলি আছে আৰু সচেতন লোকসকলে এই লৈ প্ৰধানমন্ত্ৰীক আঙুলি টোৱাইছে। কেবাটাও সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে নিজকে বেছি লিখা-পঢ়া কৰা লোক নহয় বুলি কৰা মন্তব্যৰ আধাৰত বৰাই কয় যে প্ৰধানমন্ত্ৰীগৰাকী উচ্চ শিক্ষিত নহয় বাবেই দেশৰ শিক্ষা ব্যৱস্থা অধিক বেয়াৰ ফালে ঢাল খাইছে।
ওড়িশাৰ স্কুলীয়া পাঠ্যপুথিত বাৰেপাচি ভুল হোৱাৰ ঘটনাই বিজেপি চৰকাৰে যে শিক্ষাক গুৰুত্বসহকাৰে লোৱা নাই সেয়া স্পষ্ট কৰি দিছে বুলিও কয় বৰাই। তেওঁ আৰু কয়, ''বিজেপি চৰকাৰে সংবিধানৰ মূল ভেটি ধৰ্মনিৰপেক্ষতা পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিছে। স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাস আঁতৰাই জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰা নাথুৰাম গডছেত শ্বহীদ সজাই পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ বাধ্য কৰাইছে। ব্ৰিটিছ চৰকাৰলৈ ক্ষমাপত্ৰ প্ৰেৰণ কৰা ছাভাৰকাৰক বীৰ আখ্যা দি পাঠ্যক্ৰমত সন্নিবিষ্ট কৰিছে।’’ নীটৰ প্ৰশ্নকাকত ফাদিলৰ বাবে হতাশ হৈ ১৬ জনকৈ শিক্ষাৰ্থীয়ে আত্মহনন কৰাৰ পিছতো সেই খবৰক লৈ চৰকাৰ মুঠেই উদ্বিগ্ন নোহোৱাটোৱে চৰকাৰৰ সংবেদনশীলতাৰ অভাৱৰ কথাকো স্পষ্ট কৰি তুলিছে বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে ।
দেশৰ শিক্ষা ব্যৱস্থাক এনেদৰে অধোগামী কৰি তোলাৰ বাবে দায়ী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত কংগ্ৰেছ দল আৰু দেশৰ সচেতন জনতা ক্ষান্ত নহয় বুলিও বৰাই সংবাদমেলত উল্লেখ কৰে। উল্লেখ্য যে আজি ধেমাজিৰ লগতে কংগ্ৰেছ নেতাগৰাকীয়ে লখিমপুৰতো একেটা বিষয়ত সংবাদমেল সম্বোধন কৰে। লখিমপুৰ ৰিপুন বৰাক সংগ দিয়ে জিলা কংগ্ৰেছৰ সভাপতি গংগাজ্যোতি পায়েগাম, এপিচিচিৰ উপ-সভাপতি ঘন বুঢ়াগোহাঁই আৰু এপিচিচিৰ সম্পাদক জিণ্টু হাজৰিকাই। আনহাতে, ধেমাজিত অনুষ্ঠিত সংবাদমেলত জিলা কংগ্ৰেছৰ সভাপতি তিলক ফুকন, এপিচিচৰ কোষাধ্যক্ষ হেমহৰি পেগু, সম্পাদক জিণ্টু হাজৰিকাকে ধৰি কেবাজনো জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে। ইফালে, ধুবুৰীত আজি উক্ত বিষয়ত সংবাদমেল সম্বোধন কৰে প্ৰাক্তন বিধায়ক আব্দুল বাতেন খণ্ডকাৰে। গোৱালপাৰা জিলাৰ দুধনৈৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰাকেশ চক্ৰৱৰ্তীয়ে।
তেওঁৰ সৈতে সংবাদমেলত উপস্থিত থাকে গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দিগন্ত কুমাৰ মেধি আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা কিশোৰ কুমাৰ বৰ্মন। একেদৰে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰীৰ উপস্থিতিত বাইহাটা চাৰিআলিত সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোপাল শৰ্মাই । তামুলপুৰ জিলাত বিধায়ক মহিবুৰ ৰহমানে 'ছাত্ৰো কী গুঞ্জ’ অভিযান সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী