কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰদানৰ পদত্যাগ দাবী চিৰাং জিলা কংগ্ৰেছ কমিটীৰ
চিৰাং, ২৯জুন (হি.স.)। চিৰাঙৰ বিজনীস্থিত চিৰাং জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয় কমলা ভৱনত সোমবাৰে বিয়লি এক সংবাদ মেল অনুষ্ঠিত হয় । চিৰাং জিলা কংগ্ৰেছৰ উপ-সভাপতি কৃষ্ণপদ সাহাই সম্বোধন কৰে এই সংবাদ মেল। সংবাদ মেলত কৃষ্ণপদ সাহাই কয়ঃ নীট পৰীক্ষাৰ প্ৰশ্ন ক
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰদানৰ পদত্যাগ দাবী চিৰাং জিলা কংগ্ৰেছ কমিটীৰ


চিৰাং, ২৯জুন (হি.স.)। চিৰাঙৰ বিজনীস্থিত চিৰাং জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয় কমলা ভৱনত সোমবাৰে বিয়লি এক সংবাদ মেল অনুষ্ঠিত হয় ।

চিৰাং জিলা কংগ্ৰেছৰ উপ-সভাপতি কৃষ্ণপদ সাহাই সম্বোধন কৰে এই সংবাদ মেল।

সংবাদ মেলত কৃষ্ণপদ সাহাই কয়ঃ নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা বাবে ২৬ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে আত্মহনন কৰিবলগীয়া হৈছে।

গতিকে অপদাৰ্থ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰদানৰ পদত্যাগ দাবী কৰিলোঁ ।

তাৰোপৰি দেশৰ শিক্ষা খণ্ডত ৭ ৰ পৰা ৮ শতাংশ বাজেট ধাৰ্য্য কৰিবলৈও সংবাদ মেলৰ জৰিয়তে কৃষ্ণপদ সাহাই দাবী উত্থাপন কৰিছে ।

সংবাদ মেলত চিৰাং জিলা কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক আবু তালেপ শিকদাৰ সহ নেতৃবৃন্দৰ অংশগ্ৰহণ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande