ডিব্ৰুগড়ৰ বানীপুৰ ৰেল ষ্টেচনত চাফাই কৰ্মী নিহত
ডিব্ৰুগড়, ২৯ জুন (হি.স.)। ডিব্ৰুগড় বানীপুৰ স্থিত ৰেল ষ্টেচনত অঘটন। ৰেলৰ বায়ো টইলেট চাফাই কৰি থাকোতে এজন চাফাই কৰ্মীৰ মৃত্যু। মৃত কৰ্মীজনক ডিব্ৰুগড়ৰ সমীপৱৰ্তী কানাই গাৱৰ সুমন ওৰফে চিন্টু শইকীয়া বুলি চিনাক্ত কৰা হৈছে। এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ
ডিব্ৰুগড়ৰ বানীপুৰ ৰেল ষ্টেচনত চাফাই কৰ্মী নিহত


ডিব্ৰুগড়, ২৯ জুন (হি.স.)। ডিব্ৰুগড় বানীপুৰ স্থিত ৰেল ষ্টেচনত অঘটন। ৰেলৰ বায়ো টইলেট চাফাই কৰি থাকোতে এজন চাফাই কৰ্মীৰ মৃত্যু। মৃত কৰ্মীজনক ডিব্ৰুগড়ৰ সমীপৱৰ্তী কানাই গাৱৰ সুমন ওৰফে চিন্টু শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধিনত কৰ্মৰত আছিল ২০ বছৰীয়া যুবকজন। কৰ্মৰত অবস্থাত বিদ্যুৎ প্ৰবাহিত হৈ যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

শ্ৰমিক গৰাকীয়ে নিৰাপত্তা জনিত জোতা, গ্লোভ আদি পৰিধান নকৰাকৈ কাম কৰাৰ বাবেই উক্ত ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে দেওবাৰে সন্ধিয়া মৃত সুমন শইকীয়া আৰু আন তিনিজন মিলি ট্ৰেইনৰ টইলেট পৰিষ্কাৰ কৰিবলৈ গৈছিল। কিন্তু টইলেটৰ পানী খুলি দিয়াৰ লগে লগে সুমন অচেতন হৈ পৰে। তেওঁৰ সহ কৰ্মীয়ে জানিব দিয়া অনুসৰি বিদ্যুৎ প্ৰবাহিত হৈ সুমন অচেতন হৈ পৰে। লগে লগে সুমনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে সুমনক চিকিৎসালয়লৈ নিবলৈ সেই সময়ত বৃহত ৰেলষ্টেচনত নাছিল এখন এম্বুলেন্স অথবা জৰুৰী কালীন বাহন। প্ৰায় মৃত অৱস্থাত যুৱকজনক এখন স্কুটিৰ আসনত উঠাই লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। ইফালে ঘটনাৰ খবৰ পাই চিকিৎসালয়ত বহু লোকৰ সমাগম হয়। ঘটনাৰ তদন্ত বিচাৰে। মৃত যুবকজনৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবি উথাপন কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande