ৰঙিয়াত দিনৰ ভাগতে গৰাকীৰ বাইক লৈ উধাও চোৰ
কামৰূপ, ২৯ জুন (হি.স.)। ৰঙিয়া নগৰৰ মাজ মজিয়াত সংঘটিত চুৰিৰ ঘটনা । দিনৰ ভাগতে দোকানত কাম কৰা এগৰাকী লোকৰ মটৰচাইকেল লৈ উধাও হ''ল চোৰ। চুৰি হোৱা এএছ ০১ বিভি ৩৯৫০ নম্বৰৰ হিৰ'' চুপাৰ স্প্লেনদাৰৰ গৰাকী অনুপ বৈশ্য । ৰঙিয়াৰ ছুপাৰ মাৰ্কেটৰ পৰা চুৰি হ
ৰঙিয়াত দিনৰ ভাগতে গৰাকীৰ বাইক লৈ উধাও চোৰ


কামৰূপ, ২৯ জুন (হি.স.)। ৰঙিয়া নগৰৰ মাজ মজিয়াত সংঘটিত চুৰিৰ ঘটনা । দিনৰ ভাগতে দোকানত কাম কৰা এগৰাকী লোকৰ মটৰচাইকেল লৈ উধাও হ'ল চোৰ। চুৰি হোৱা এএছ ০১ বিভি ৩৯৫০ নম্বৰৰ হিৰ' চুপাৰ স্প্লেনদাৰৰ গৰাকী অনুপ বৈশ্য । ৰঙিয়াৰ ছুপাৰ মাৰ্কেটৰ পৰা চুৰি হোৱা ঘটনাই মানুহৰ সম্পত্তিৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

ইতিমধ্যে বাইকৰ গৰাকীয়ে এজাহাৰ দাখিল কৰিছে ৰঙিয়া থানাত।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande