তেজপুৰত কৃষিমন্ত্ৰী পিযুষ হাজৰিকাৰ লিচু কৃষকৰে পোনপটীয়া আলোচনাঃ অসম লিচু হিচাপে নামকৰণৰ আহ্বান
ৰাজ্যত ফলৰ খেতিক গুৰুত্ব আৰোপ বিভাগীয় মন্ত্ৰী হাজৰিকাৰঃৰাজ্যজুৰি বিতৰণ হ’ব ফলৰ পুলিঃকৃষকে গুৰুত্ব পাব লাগিব শোণিতপুৰ, ২৯ জুন (হি.স.)। ৰাজ্যৰ কৃষিক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ সংকল্পৰে আজি ৰাজ্য চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাৰই
তেজপুৰত কৃষিমন্ত্ৰীৰ লিচু কৃষকৰে পোনপটীয়া আলোচনা


তেজপুৰত কৃষিমন্ত্ৰীৰ লিচু কৃষকৰে পোনপটীয়া আলোচনা


তেজপুৰত কৃষিমন্ত্ৰীৰ লিচু কৃষকৰে পোনপটীয়া আলোচনা


তেজপুৰত কৃষিমন্ত্ৰীৰ লিচু কৃষকৰে পোনপটীয়া আলোচনা


তেজপুৰত কৃষিমন্ত্ৰীৰ লিচু কৃষকৰে পোনপটীয়া আলোচনা


ৰাজ্যত ফলৰ খেতিক গুৰুত্ব আৰোপ বিভাগীয় মন্ত্ৰী হাজৰিকাৰঃৰাজ্যজুৰি বিতৰণ হ’ব ফলৰ পুলিঃকৃষকে গুৰুত্ব পাব লাগিব

শোণিতপুৰ, ২৯ জুন (হি.স.)। ৰাজ্যৰ কৃষিক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ সংকল্পৰে আজি ৰাজ্য চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাৰই তেজপুৰত কয় যে, আগন্তুক বৰ্ষত কৃষি বিভাগে ৰাজ্যত পাঁচ লাখ লিচু পুলি ৰোপনৰ পৰিকল্পনা কৰিছে ৷ ৰাজ্যৰ ২৩লাখ হেক্টৰ ভূমি লিচু খেতিৰ বাবে উপযুগী বুলি বিভাগে প্ৰকাশ কৰাৰ উপৰি কৃষিমন্ত্ৰীজনে নাৰিকল, কঠাল, ড্ৰেগন ফল, আম, মধুৰিআম আদি ফলৰ খেতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷

উল্লেখযোগ্য যে,আজি তেওঁ তেজপুৰৰ বৃহৎ লিচু বাগিচা ৰাম নাৰায়ণ সিঙৰ পৰমাইঘূলিৰ বাগিচাত আয়োজিত এক সভাত শোণিতপুৰৰ লিচু কৃষক সকলৰ স’তে আলোচনাত মিলিত হৈ বিভাগৰ পৰিকল্পনা আৰু কৃষকৰ অভিজ্ঞতা তথা সমস্যাৰ বিষয়ে পোনপটীয়াকৈ আলোচনা কৰে ৷ শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগৰ উদ্যোগত আৰু লিচু কৃষক সিঙৰ তৎপৰতাত আয়োজন কৰা এক অনুষ্ঠানত উপস্হিত হয় মন্ত্ৰী হাজৰিকা ৷ অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে লিচু খেতিয়কৰে আলোচনাত মিলিত হৈ তেওঁলোকৰ অভাৱ-অভিযোগ বুজ লোৱাৰ লগতে তেজপুৰীয়া লিচুৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৷ তেওঁ কয় যে, উদ্যোগীকৰণ হ’লেও সৰ্বসাধাৰণে আহাৰৰ বাবে কৃষিকাৰ্য কৰিবই লাগিব আৰু অন্নদাতা কৃষকে গুৰুত্ব পাবই লাগিব ৷

ৰাজ্যত নাৰিকলৰ উৎপাদন হ্ৰাস হোৱাৰ প্ৰসংগত তেওঁ কয় যে,সকলোৱে এতিয়া কেৰ্কেটুৱা আৰু মোবাইল টাৱাৰৰ প্ৰসংগৰে নাৰিকলৰ খেতি কৰিবলৈ এৰিলে য’দিও সামান্য বুদ্ধিৰে কেৰ্কেটুৱাৰ পৰা নাৰিকল ৰক্ষা কৰিব পাৰি ৷ আনহাতে ককা,দেউতা হঁতে ৰোপন কৰা নাৰিকল গছৰ বয়স হোৱাৰ বাবে উৎপাদন হ্ৰাস হোৱাৰ লগতে পুত্ৰসকলে নাৰিকল গছ ৰোপন নকৰাই হ’ল বুলি কৈ মন্ত্ৰী হাজৰিকাই কয় যে কেৰেলাটো টাৱাৰ আৰু কেৰ্কেটুৱা আছে যদিও তাত নাৰিকলৰ উৎপাদন যথেষ্ট পৰিমানে হৈ আছে ৷ মন্ত্ৰী হাজৰিকাই আগন্তুক বছৰত অসমৰ ৰাইজৰ মাজত পাঁচ লাখ লিচু পুলি ৰোপনৰ বাবে বিতৰণ কৰিব বুলি উল্লেখ কৰে ৷

কৃষি বিভাগৰ সহযোগত উন্নত জাতৰ তেজপুৰীয়া লিচুৰ দুই লাখ পুলি সাজু কৰিবলৈ আহ্বান জনায় ৷ প্ৰয়োজনত বাহিৰৰ পৰাও উন্নত জাতৰ লিচু পুলি অনাৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ কেৱল লিচুৱেই নহয় আম, কঠাল, নাৰিকল, তামোল আদিকে ধৰি প্ৰায় ১০ বিধ বিভিন্ন ফলৰ পুলি ৰোপনৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অহা বছৰৰ পৰা প্ৰতিটো সমষ্টিত এনেধৰণৰ এক লাখকৈ পুলি বিতৰণৰ লক্ষ্য স্থিৰ কৰিছে কৃষি বিভাগে । এই ক্ষেত্ৰত প্ৰয়োজনীয় পাঁচ কোটি টকা ইতিমধ্যে ৰাজ্য চৰকাৰৰ বাজেটত ধাৰ্য কৰা হৈছে আৰু অতিৰিক্ত পাঁচ কোটি টকা আগন্তুক বাজেটৰ জৰিয়তে মোকলাই দিবলৈ মুখ্যমন্ত্ৰীক অৱগত কৰা বুলিও মন্ত্ৰী গৰাকীয়ে তেজপুৰত সদৰি কৰে ৷

তেজপুৰীয়া লিচু খেতিয়কক পাৱাৰ টিলাৰ প্ৰদানৰ লগতে শীতল ভঁৰাল নিৰ্মাণ তথা আনুসংগিক প্ৰয়োজনীয় প্ৰায় সমূহ সুবিধা আগবঢ়াব বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে ৷ পি এম কিছান নিধিৰ অধীনত অসমৰ ৪০ লাখ কৃষক উপকৃত হোৱাৰ লক্ষ্যৰে কৃষি বিভাগে এতিয়াৰে পৰা কৃষক পঞ্জীয়নৰ কাম ক্ষিপ্ৰতাৰে অব্যাহত ৰখাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কেও কৃষকৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ উল্লেখ কৰে ৷ মন্ত্ৰীগৰাকীয়ে খেতিয়ক তথা কৃষক উৎপাদক কোম্পানীসমূহক লিচুৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষি বিভাগে অতি শীঘ্ৰেই লিচু ৰপ্তানিকাৰক আৰু কৃষকসকলৰ এক বৈঠকৰ আয়েজন কৰিব বুলি আশ্বাস দিয়ে।আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ মাজত স্প্ৰেয়িং মেচিন আৰু অন্যান্য কৃষি সঁজুলিও বিতৰণ কৰে।

আনহাতে লিচু খেতিয়ক ৰাম নাৰায়ণ সিঙে তেজপুৰৰ লিচু খেতিৰ বাটকটীয়া পদ্মনাথ গোঁহাঞিবৰুৱাক স্মৰণ কৰি বৰ্তমান বিশ্বজুৰি চাহিদা বৃদ্ধি পোৱা তেজপুৰৰ লিচুক অসম লিচু হিচাপে পৰিচিত কৰাবৰ বাবে আহ্বান জনায়৷৷আজিৰ অনুষ্ঠানৰ সন্মানীয় কৃষি মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে উপস্থিত আছিল তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষি সঞ্চালক ড° পি. উদয় প্ৰবীণ, উদ্যান শস্য সঞ্চালক নৃপেন দাস, জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে সংশ্লিষ্ট বিষয়ববীয়াসকল ।

ইয়াৰ উপৰি জিলা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ, কৃষি কাৰ্য্যবাহী অভিযন্তা মুকুত ডেকা, কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ ভাৰপাপ্ত মুৰব্বী বিজ্ঞানী ড০ অংগনা শৰ্মা, মহকুমা কৃষি বিষয়া ড০ জাকিৰ হুছেইন, অজিত পাঠক, অঞ্জন বৰুৱা, ইন্দু প্ৰাঞ্জল বৰা, অঞ্জুমণি ভাগৱতী, ময়ুৰজ্যোতি বৰুৱা, কৃষি উন্নয়ন বিষয়াসকল আৰু বিভাগীয় সকলো বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande