
–ভাৰত-দক্ষিণ-পূব এছিয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পর্ক স্থাপন
শোণিতপুৰ, ২৯ জুন (হি.স.)। অসম সাহিত্য সভাৰ উদ্যোগত আন্তঃৰাজ্য-বিদেশ মৈত্রী বন্ধন উপসমিতিৰ সহযোগত দেওবাৰে
অনলাইনযোগে আয়োজিত মেকঙৰ পৰা মৈৰাঙলৈ” শীর্ষক গ্ল'বেল অনলাইন সম্মিলনখন সফলভাবে অনুষ্ঠিত হৈ যায় । প্রায় আঢ়ৈ ঘণ্টাজুৰি চলা এই ব্যতিক্রমী বিশ্বজনীন সন্মিলনত দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশৰ লগতে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ডেনমার্ক, জার্মানী, আয়াৰলেণ্ড আদি দেশৰ বিশিষ্ট পণ্ডিত, গৱেষক, শিক্ষাবিদ, শিল্পী, সাহিত্যিক, সমাজচিন্তক তথা অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ অসম সাহিত্য সভাৰ শাখাসমূহৰ প্ৰতিনিধিসকলে অংশগ্রহণ কৰি অনুষ্ঠানটিক এক সঁচা আন্তঃৰাষ্ট্ৰীয় মাত্ৰা প্ৰদান কৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভণি হোৱা সন্মিলনখনৰ উদ্দেশ্য ব্যাখ্যা কৰে আন্তঃৰাজ্য-বিদেশ মৈত্রী বন্ধন উপসমিতিৰ আহ্বায়ক ড° শশীকান্ত শইকীয়াই।
মৈত্রী বন্ধন উপসমিতিৰ কাৰ্যকৰী সভাপতি কমা হাজৰিকাই আদৰণি ভাষণত উপস্থিত বিশিষ্ট অতিথি, বক্তা আৰু অংশগ্রহণকাৰীসকলক আন্তৰিক সম্ভাষণ জনোৱাৰ লগতে মেকঙৰ পৰা মৈৰাঙলৈ” শীর্ষক এই বিশ্বজনীন সম্মিলনৰ উদ্দেশ্য, তাৎপৰ্য আৰু ভাৰত তথা দক্ষিণ-পূব এছিয়াৰ মাজৰ সুপ্রাচীন ঐতিহাসিক-সাংস্কৃতিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্রধান সম্পাদক দেৱজিৎ বৰাই শুভেচ্ছামূলক ভাষণত এই উদ্যোগক অসম সাহিত্য সভাৰ ইতিহাসত এক যুগান্তকাৰী আৰু সময়োপযোগী পদক্ষেপ বুলি অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিস্তাৰৰ ক্ষেত্ৰত এনে অনুষ্ঠানৰ বিশেষ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্রী ড° সূর্যকান্ত হাজৰিকাই প্ৰেৰণ কৰা শুভেচ্ছা বার্তাত এই মহৎ উদ্যোগৰ আন্তৰিক শলাগ লৈ কাৰ্যকৰী সভাপতি ৰুমা হাজৰিকা আৰু আহ্বায়ক ড° শশীকান্ত শইকীয়াৰ নেতৃত্বৰ ভূয়সী প্রশংসা কৰে আৰু উপসমিতিখনৰ উত্তৰোত্তৰ সফলতা কামনা কৰে। সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিশিষ্ট গৱেষক আৰু সংগীতজ্ঞ শিল্পীদ্বয় ড° উৎপলা বৰা আৰু ড° হেন্স এফ. আট্টাৰে মনোমোহা অসমীয়া লোকগীত পৰিৱেশন কৰি অনুষ্ঠানৰ সাংস্কৃতিক গাম্ভীর্য বৃদ্ধি কৰে। ইয়াৰ পিছতে যুক্তৰাষ্ট্ৰ নিবাসী মণিপুৰী শিল্পীদ্বয় জগন লাইৰেঞ্জাম আৰু জলি লাইৰেঞ্জামে মৈৰাঙৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য প্রতিফলিত কৰা মনোমোহা দ্বৈত নৃত্য পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। থাইলেণ্ডৰ এজাম্পচন কলেজৰ গণিতৰ অধ্যাপক তথা নেতাজী সুভাষচন্দ্র বসুৰ সহযোগী ভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ বংশধৰ মহেশ কুমাৰে মুখ্য অতিথিৰ ভাষণত কদম কদম বঢ়ায়ে যা” গীতৰ কলিৰে দেশপ্ৰেমৰ পৰিৱেশ সৃষ্টি কৰি নেতাজীৰ স্বাধীনতা সংগ্ৰামৰ বহু নজনা ঐতিহাসিক তথ্য দাঙি ধৰে। তেওঁ ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজৰ ঐতিহাসিক সম্পৰ্ক আৰু ভাতৃত্ববোধ অধিক সুদৃঢ় কৰাৰ আহ্বান জনায়।
বেংককৰ পৰা যোগদান কৰা মুখ্য বক্তা ধৰম সিং শ্রীচাউলাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি বন্দে মাতৰম” গীতেৰে আদৰণি জনোৱা হয়। তেওঁ নিজৰ ভাষণত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ পূৰ্বসূৰীসকলৰ ত্যাগ, নেতাজী সুভাষচন্দ্ৰ বসুৰ ঐতিহাসিক নেতৃত্ব আৰু দক্ষিণ-পূব এছিয়াত ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিভিন্ন অজনা অধ্যায়ৰ ওপৰত গুৰুত্বপূৰ্ণ তথ্য উপস্থাপন কৰে। লগতে ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজত শান্তি, সম্প্রীতি আৰু সাংস্কৃতিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই সম্মিলনৰ ভূমিকাক ভূয়সী শলাগ লয়।
ভাৰত চৰকাৰৰ প্ৰাক্তন কেন্দ্ৰীয় ৰাষ্ট্ৰমন্ত্ৰী (বিদেশ পৰিক্ৰমা আৰু শিক্ষা) ড° ৰাজকুমাৰ ৰঞ্জন সিঙে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাৰত চৰকাৰৰ Act East Policy আৰু Mekong-Ganga Cooperation-ৰ সফল ৰূপায়ণৰ কথা উল্লেখ কৰি ভাষা, সাহিত্য, সংস্কৃতি আৰু শিক্ষা ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আদান-প্রদানৰ জৰিয়তে ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজৰ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম সাহিত্য সভাৰ এই সুদূৰপ্ৰসাৰী, ব্যতিক্রমী আৰু সময়োপযোগী উদ্যোগক আন্তৰিক শলাগ লয়। মণিপুৰৰ অধ্যাপক ড° গম্ভীৰ সিঙে নিজৰ ভাষণত মৈৰাঙ, অসম আৰু দক্ষিণ-পূব এছিয়াৰ মাজৰ সম্প্ৰীতিৰ এনাজৰী অধিক শক্তিশালী কৰাৰ বাবে ভৱিষ্যতে অধিক পৰিকল্পিত পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ অসম সাহিত্য সভাৰ এই উদ্যোগৰ ভূয়সী প্রশংসা কৰে। জাৰ্মানীৰ পৰা যোগদান কৰা শ্ৰীমন্ত ভূঞাই নেতাজী সুভাষচন্দ্ৰ বসুৰ জাৰ্মানীত অৱস্থানকালৰ বহু নজনা ঐতিহাসিক তথ্য দাঙি ধৰাৰ লগতে তেওঁৰ বৈবাহিক জীৱন সম্পর্কীয় বিভিন্ন ঐতিহাসিক দিশৰ ওপৰতো আলোকপাত কৰে।
বেংককৰ পৰা যোগদান কৰা ড° মানসী গগৈয়ে ভাৰত-জাপান মৈত্রী সম্পৰ্কৰ বিভিন্ন দিশ ব্যাখ্যা কৰি অসমৰ উন্নয়নৰ স্বাৰ্থত জাপানী বিনিয়োগ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ৰ বহু বিশিষ্ট ব্যক্তি আৰু অসম সাহিত্য সভাৰ বিভিন্ন শাখাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত মুম্বাই শাখাৰ প্ৰাক্তন সভাপতি শ্রীমতী সুৰাইয়া জাহান, প্রাক্তন প্ৰচাৰ সচিব অজিত হাজৰিকা, দেৱীকা বৰপূজাৰী, বৰ্তমানৰ সভাপতি হিৰণ ভূঞা, সম্পাদক দীক্ষা খাটনিয়াৰ, আজীৱন সদস্যা মীনু হাজৰিকা, কৃষ্ণা শৰ্মা, আন্তঃৰাজ্য-বিদেশ মৈত্রী বন্ধন উপ-সমিতিৰ মুখপত্র 'প্রবাসী প্রবাহিকা'ৰ সহকাৰী সম্পাদক তথা 'ত্ৰাতৃ' ই-বুকৰ স্বত্বাধিকাৰী ত্ৰিদীপ বৰুৱা, অসম গৌৰৱ সদানন্দ গগৈ, আহমেদাবাদ শাখাৰ সম্পাদক অশোক বৰা, দিল্লী শাখাৰ অৰুণাভ হাজৰিকা, কলিকতাৰ পৰা ৰুবী গগৈ, স্কটলেণ্ডৰ নিৰলা বৰুৱা, গ্রেট ব্রিটেইন শাখাৰ মঞ্জীৰা চৌধুৰী, আয়াৰলেণ্ডৰ উদ্যোগপতি তথা 'প্রবাসী প্রবাহিকা'ৰ সহ-সম্পাদক দিগন্ত মালাকাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জয়ন্ত চৌধুৰী, ডেনমাৰ্কৰ সমাজসেৱক তথা চিকিৎসক ড° জামাল ডাঙৰীয়া, মালয়েছিয়াৰ সিদ্ধার্থ পুন্নুস্বামী, গুৱাহাটীৰ কবি-সাহিত্যিক জুনমণি হাজৰিকা, মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক বসন্ত ফুকন, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ত্ৰিদীপ মহন্ত, ডিব্রুগড় শাখা সাহিত্য সভা, কানৈ মহাবিদ্যালয়, ডিগবৈ মহাবিদ্যালয় আদিৰ প্ৰতিনিধিসকলে অংশগ্রহণ কৰি অনুষ্ঠানটিক বিশেষভাবে সফল কৰি তোলে।
গুগল মীটৰ কাৰিকৰী ব্যৱস্থাপনা আৰু অনুষ্ঠানৰ কাৰিকৰী সঞ্চালনা দক্ষতাৰে সম্পন্ন কৰে কানৈ মহাবিদ্যালয়ৰ গণিত বিভাগৰ শিক্ষক হৰজিন্দৰ সিঙে। আন্তঃৰাজ্য-বিদেশ মৈত্রী বন্ধন উপসমিতিৰ কাৰ্যকৰী সভাপতি ৰুমা হাজৰিকাই অসমৰ জনসাধাৰণৰ সম্ভাৱনা আৰু ইতিবাচক মানসিকতা বিশ্বসমাজৰ আগত অধিক সুস্পষ্টভাৱে প্রতিফলিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰত চৰকাৰৰ Act East Policy-কে ধৰি ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা গঠনমূলক পদক্ষেপসমূহত জনসাধাৰণক সক্রিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। লগতে ভাষা, সাহিত্য, সংস্কৃতি আৰু মানৱীয় সম্পৰ্কৰ জৰিয়তে বিশ্বৰ সৈতে অসমৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আলোচনা চক্রত অংশগ্রহণ কৰা দেশ-বিদেশৰ বক্তাসকলে মেকং উপত্যকা আৰু উত্তৰ-পূব ভাৰতৰ মাজৰ সুপ্রাচীন ঐতিহাসিক, সাংস্কৃতিক, ভাষিক আৰু সভ্যতাগত সম্পৰ্কৰ বিভিন্ন দিশ বিশ্লেষণ কৰি ভৱিষ্যতেও গৱেষণা, সাংস্কৃতিক বিনিময়, সাহিত্যিক সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় সংলাপ অব্যাহত ৰখাৰ আহ্বান জনায়। শেষত অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ” সমবেতভাৱে পৰিৱেশন কৰাৰ মাজেৰে প্ৰায় আঢ়ৈ ঘণ্টাজুৰি চলা এই বিশ্বজনীন সন্মিলনৰ সফল সামৰণি পৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ