মনিপুৰৰ কাংপোকপি জিলাৰ পৰা অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ
মনিপুৰ, ২৯ জুন (হি.স.)। অশান্ত জৰ্জৰ মনিপুৰৰ কাংপোকপি জিলাৰ পৰা অসম ৰাইফলছৰ দ্বাৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ। অশান্ত জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। অসম
মনিপুৰৰ কাংপোকপি জিলাৰ পৰা অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ


মনিপুৰ, ২৯ জুন (হি.স.)। অশান্ত জৰ্জৰ মনিপুৰৰ কাংপোকপি জিলাৰ পৰা অসম ৰাইফলছৰ দ্বাৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ।

অশান্ত জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে।

অসম ৰাইফলছ,মণিপুৰ আৰক্ষী আৰু চিআৰপিএফে মণিপুৰৰ কাংপোকপি জিলাত অভিযান চলাই বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত লইচিং ৰিজ আৰু

মাওহিং আৰু নৰ্থ চাংগৌবুং অঞ্চলত চলোৱা

অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ কৰা হয়।

অভিযান কালত মুঠ ৫১টা মাৰণাস্ত্ৰ জব্দ কৰা হয়। ইয়াৰ ভিতৰত এ কে ৰাইফল, ৫.৫৬ এম এম এক্স-কেলিবাৰ ৰাইফল, চিএমজি, পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল,

৩৮টা ব’ল্ট একচন ৰাইফল, ৪টা পুল মেকানিজম ৰাইফল, ২টা ইম্প্ৰভাইজড লঞ্চাৰ,

৪টা দেশীয় মৰ্টাৰ, ৪টা পিষ্টল জব্দ কৰা হয়।

অস্ত্ৰ শস্ত্ৰৰ লগতে বিভিন্ন কেলিবাৰৰ ৩১০ ৰাউণ্ড সক্ৰিয় গুলি

৫টা দেশীয় মৰ্টাৰ ব’ম, ৫টা গ্ৰেনেড, ২টা হেণ্ড গ্ৰেনেড,

১০টা ডিট’নেটৰ, ৫ মিটাৰ ক’ৰ্টেক্স তাঁৰ আৰু বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande