
শিৱসাগৰ, ২৯ জুন (হি.স.)। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ এটা মূল দাবী আছিল যে ঐতিহাসিক যমুনা কেইখন বেদখলমুক্ত কৰাৰ লগতে সৌন্দৰ্য্যবৰ্দ্ধন কৰিব লাগে ।
ইতিমধ্যে ঐতিহাসিক যমুনা চাফাইকৰণৰ কাম কাজ চলি আছে।
বিধায়ক অখিল গগৈক এই ক্ষেত্ৰত আটাছুৰ সভাপতি গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে যদিও শিৱসাগৰ জিলা প্ৰশাসন আৰু বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনাও কৰে। শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ যমুনা বেদখল প্ৰসংগত সংবাদমেল সম্বোধন কৰে।
বিধায়ক অখিল গগৈয়ে যমুনা চাফাইকৰণৰ কাম কাজ আৰম্ভ কৰাৰ পূৰ্বে বেদখলৰ প্ৰসংগটোৰ পৰা বিধায়ক গৰাকীয়ে ফালৰি কাটিছে বুলি অভিযোগ উত্থাপন কৰে বসন্ত গগৈয়ে।
ন কোটিৰো অধিক টকা ব্যয়েৰে বৰ্তমান যমুনা চাফাইকৰণৰ কাম কাজ চলি আছে বিধায়ক অখিল গগৈয়ে বিগত দিনটোত এই কাম কাজ পৰ্যবেক্ষণ কৰিছিল।
বেদখল প্ৰসংগৰ পৰা বিধায়ক গৰাকী আতৰি সহজভাবে নলয় সদৌ তাই আহোম ছাত্ৰ সন্থাই । বসন্ত গগৈৰ মন্তব্য়।
বিধায়ক গৰাকীয়ে ঠিকাদাৰৰ লাভালাভৰ বাবে কাম কাজ কৰিছে নেকি বুলি প্ৰশ্ন বসন্ত গগৈৰ।
কেৱল ভোট বেংকৰ স্বাৰ্থত বিধায়ক গৰাকীৰ এনে কাম কাজ কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য বসন্ত গগৈৰ।
বেদখল উচ্ছেদৰ ক্ষেত্ৰত বিধায়ক তথা জিলা প্ৰশাসনে ব্যবস্থা গ্ৰহণ কৰিলে সদৌ তাই আহোম ছাত্ৰ সন্থা লগত থাকিব বুলি উল্লেখ কৰে বসন্ত গগৈয়ে।
ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে বুলি হুংকাৰ প্ৰদান কৰে বসন্ত গগৈয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা