
ধুবুৰী, ২৯ জুন (হি.স.)। বিগত পোন্ধৰ দিন ধৰি কৃত্ৰিম বানপানীত ককবকাই আছে তামাৰহাটৰ অক্সিগুৰী গাঁৱৰ ৰাইজ। ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰী সংস্থা জে ইন্ফ্ৰাটেকৰ অদূৰদৰ্শী নলা নিৰ্মাণৰ ফলত কৃত্ৰিম বানপানীত ককবকাইছে প্ৰায় তিনিশ পৰিয়াল। গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত অক্সিগুৰী গাঁৱৰ ৰাইজৰ এই দূৰ্দশা। ইপিনে বিশুদ্ধ খোৱাপানীৰ বাবে কৰিবলগা হৈছে হাহাকাৰ।
বানৰ কবলত পৰি একাংশই বেমাৰত পৰাৰ আশংকাত ভূগিবলগা হৈছে । কি চোতাল, কি খেতি পথাৰ, কি জুইশলা পোন্ধৰদিনে সকলো পানীৰ তলত। ফলত বিপদাপন্ন হৈ পৰিছে দৈনন্দিন জীৱন। ৰন্ধা বঢ়া, খোৱা বোৱা, ল'ৰা ছোৱালীৰ পঢ়া-শুনা, বিদ্যালয়লৈ যোৱা সকলো ক্ষেত্ৰত ভূগিবলগীয়া হৈছে যমৰ যাতনা। এইক্ষেত্ৰত বানাক্ৰান্তৰ খবৰ ল'বলৈ আহৰি নাই স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ। গোলকগঞ্জৰ নৱ নিৰ্বাচিত বিধায়ক তথা মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমস্যা সমাধানৰ দাবী জনাইছে ভূক্তভোগী পৰিয়ালে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ