মানকাচাৰত আৰক্ষীৰ অভিযানত ১২৬ বস্তা চোৰাং জিৰা জব্দ
মানকাচাৰ, ২৯ জুন (হি.স.)। মানকাচাৰৰ সুখচৰ আৰক্ষীৰ অভিযানত ১২৬ বস্তা জিৰা জব্দ ৷ বাংলাদেশলৈ সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা হৈছিল ৷ মানকাচাৰৰ সুখচৰ আৰক্ষীয়ে চোৰাং বেহাৰ বিৰুদ্ধে অভিযান চলাই চোৰাং জিৰা জব্দ কৰিবলৈ সক্ষম হৈছে। বাংলাদেশলৈ ব্ৰহ্মপুত্ৰ
মানকাচাৰত আৰক্ষীৰ অভিযানত ১২৬ বস্তা চোৰাং জিৰা জব্দ


মানকাচাৰ, ২৯ জুন (হি.স.)। মানকাচাৰৰ সুখচৰ আৰক্ষীৰ অভিযানত ১২৬ বস্তা জিৰা জব্দ ৷ বাংলাদেশলৈ সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা হৈছিল ৷

মানকাচাৰৰ সুখচৰ আৰক্ষীয়ে চোৰাং বেহাৰ বিৰুদ্ধে অভিযান চলাই চোৰাং জিৰা জব্দ কৰিবলৈ সক্ষম হৈছে। বাংলাদেশলৈ ব্ৰহ্মপুত্ৰ নদীপথেৰে চোৰাংভাৱে সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা সন্দেহযুক্ত ১২৬ বস্তা চোৰাং জিৰা জব্দ কৰে আৰক্ষীয়ে।

আজি পুৱা গোপন খবৰৰ ভিত্তিত সুখচৰ থানাৰ আৰক্ষীয়ে ভুটিয়াডাঙাৰ খোপাতি অঞ্চলত অভিযান চলায়। আৰক্ষীৰ অভিযানত এটা নিৰ্মীয়মাণ ঘৰত লুকুৱাই ৰখা ১২৬ বস্তা সন্দেহযুক্ত জিৰা উদ্ধাৰ কৰা হয়।

উদ্ধাৰ হোৱা সামগ্ৰী সমূহ ৰিজাউল ইছলাম নামৰ এজন ব্যক্তিৰ ঘৰত মজুত কৰি ৰখা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অৱশ্যে অভিযানৰ সময়ত ঘৰৰ গৰাকী উপস্থিত নাছিল।

জিৰা সমূহ বৰ্তমান সুখচৰ থানালৈ নিয়া হৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande