
গুৱাহাটী, ২৮ জুন (হি.স.)। এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ অন্তৰ্গত জালুকবাৰী আৰক্ষী থানাৰ এটা দলে (ডব্লিউ. জি. পি. ডি.) যোৱা কালি শনিবাৰে নিশা আদাবাৰীৰ হোটেল আভিসাৰিকাত অভিযান চলাই আন্তঃৰাজ্যিক ডকাইতৰ দল এটাক আটক কৰে।
আৰক্ষীৰ মতে, এই চক্ৰটোৱে ৰে’ল যাত্ৰীক লক্ষ্য কৰি ডকাইতি সংঘটিত কৰে। এই অভিযানৰ সময়তে গেংটোৰ ৬ জন সদস্যক গ্ৰেপ্তাৰ কৰা হয় । ধৃত অভিযুক্ত দুজন হ’ল হাৰিয়ানাৰ ৰোহটকৰ বাসিন্দা সোণু আৰু কুলদীপ; ভীৱানীৰ বাসিন্দা কৃষ্ণ ৰাণা, প্ৰবীণ কুমাৰ আৰু সত্যৱান; আৰু হিছাৰ নিবাসী সঞ্জয় কুমাৰ।
আৰক্ষীয়ে এই গোচৰৰ পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে। আন আন অপৰাধমূলক গোচৰত গেংটোৰ সম্ভাৱ্য জড়িততা আৰু ইয়াৰ নেটৱৰ্কৰ তদন্তও চলি আছে।
--------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ