মাজুলীৰ আঁহতগুৰি, কাথচাপৰিত বন্যহস্তীৰ উপদ্ৰৱ
মাজুলী, ২৮ জুন (হি.স.)। মাজুলীৰ আঁহতগুৰি, দেৰগাঁৱৰ উপকণ্ঠ অঞ্চল কাথচাপৰিত বন্যহস্তীৰ মুক্ত বিচৰণ আৰু উপদ্ৰৱে স্থানীয় ৰাইজৰ নিদ্ৰা হৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা বুলি সন্দেহ কৰা ৩৫-৪০ জনীয়া হাতীৰ জাকটোৱে নিশা হ’লেই কুঁহিয়াৰ খেতি ধ্বংস কৰি
মাজুলীৰ আঁহতগুৰি, কাথচাপৰিত বন্যহস্তীৰ উপদ্ৰৱ


মাজুলী, ২৮ জুন (হি.স.)। মাজুলীৰ আঁহতগুৰি, দেৰগাঁৱৰ উপকণ্ঠ অঞ্চল কাথচাপৰিত বন্যহস্তীৰ মুক্ত বিচৰণ আৰু উপদ্ৰৱে স্থানীয় ৰাইজৰ নিদ্ৰা হৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা বুলি সন্দেহ কৰা ৩৫-৪০ জনীয়া হাতীৰ জাকটোৱে নিশা হ’লেই কুঁহিয়াৰ খেতি ধ্বংস কৰি অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।

জাকটোত পোৱালি হাতীও আছে। ইফালে, বন বিভাগক অৱগত কৰিও কোনো সঁহাৰি নোপোৱাত ক্ষুব্ধ ৰাইজে নিজৰ খেতি আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে নিশা লাঠি-জোৰ লৈ পহৰা দিবলৈ বাধ্য হৈছে। ঘটনাৰ গুৰুত্ব বুজি বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande