টকাৰ খকত হেজাৰ হেজাৰ যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বহৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগ
টকাৰ খকত হেজাৰ হেজাৰ যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বহৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে।
টকাৰ খকত হেজাৰ হেজাৰ যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বহৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগ


বৰপেটা, ২৮ জুন (হি.স.): টকাৰ খকত হেজাৰ হেজাৰ যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বহৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে।ব্ৰহ্মপুত্ৰ নদীৰ বহৰি পাৰঘাটত বিপজ্জনক কাণ্ড। যিকোনো সময়তে সংঘটিত হব যন্ত্ৰচালিত নাওঁ দূৰ্ঘটনা। কানসাৰ নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ।নাওঁৰে অতিৰিক্ত যাত্ৰী বহন কৰিছে নাওঁৰ চালকে। ৬০ জনৰ ঠাইত ২০০ জন যাত্ৰী, ২০ খনৰো অধিক বাইক বহন নাওৰীয়াৰ। অতি বিপদজনক যাত্ৰা অব্যাহত ৰাখিব লগা হৈছে যাত্ৰীসকল।

ইপিনে নাওঁসমূহত নাই পৰ্যাপ্ত পৰিমাণে লাইফ জেকেট।বহু নাওঁৰ ঠিকেই নাই ফিটনেচ। অনুমতিবিহীন ভাৱেও চলি আছে বহু নাওঁ। বৰপেটাৰ বহৰিৰ পৰা সোনতলি, কাছমাৰা, খোলাবন্ধাকে ধৰি দক্ষিণপাৰৰ বহু অঞ্চললৈ দৈনিক মৰণক শৰণ দি যাতায়ত কৰি আছে হেজাৰ হেজাৰ যাত্ৰী।বৰ্তমান বাৰিষাৰ বতৰ। ব্ৰক্ষ্মপুত্ৰ নদীত পানী ওফন্দি উঠিছে। ইপিনে নদীৰ প্ৰবল সোঁত। তেনে সময়ত অনাকাংক্ষিত ভাবে নাওঁ দূৰ্ঘটনা সংঘটিত হলে যাত্ৰীৰ জীৱনৰ নিৰাপত্তা নথকাটো নিশ্চিত বুলি ক’ব পাৰি। কেবল মাথো কমিছনৰ বাবে সকলো দেখি শুনিও নেদেখাৰ ভাও ধৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande