
কোকৰাঝাৰ, ২৮ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও হাকমাত অৱস্থিত সুজিত নাৰ্জাৰী প্ৰেক্ষা গৃহত যোৱা কালি শনিবাৰে বিয়লি ইউপিপিএলৰ পৰ্যালোচনা কৰ্মী সভা অনুষ্ঠিত কৰে । ইউপিপিএলৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰিইউনাইটেড পিপলচ্ পাৰ্টি লিবাৰেল (UPPL) এ গোঁসাইগাওঁ জিলা কমিটিৰ উদ্যোগত আয়োজিত দল শক্তিশালীকৰণ আৰু আগন্তুক কাৰ্যসূচী সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
সভাত দলৰ কেন্দ্ৰীয় সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো উপস্থিত হৈ জিলা আৰু ব্লক পৰ্যায়ৰ নেতৃবৃন্দৰ লগত মত বিনিময় কৰে । সভাত বিগত সময়ছোৱাত দলীয় কাম কাজ মূল্যায়ন কৰে আৰু দলক অধিক সক্ৰিয় কৰাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ জিলা আৰু ব্লক পৰ্যায়ত দল মজবুত কৰাৰ লক্ষ্যৰে সভা অনুষ্ঠিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ