গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
তামুলপুৰ, ২৮ জুন (হি.স.)। গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অভিনন্দন অনুষ্ঠান । অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰিক্ষত সুক্ষা
গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা


তামুলপুৰ, ২৮ জুন (হি.স.)। গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অভিনন্দন অনুষ্ঠান ।

অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰিক্ষত সুক্ষাতিৰে উত্তিৰ্ণ শতাধিক ছাত্ৰ-ছত্ৰীক সম্বৰ্ধনা জনাই সংগঠনটোৱে ।

অভিনন্দন অনুষ্ঠানৰ উদ্বোধনী ভাষণ ৰাখে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° প্ৰতিভা পাটোৱৰীয়ে । লগতে অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক দুলুজিৎ দাস আৰু গোৰেশ্বৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ড° বন্দনা শৰ্মাই ।

আছুৰ তথ্য সম্পাদক দুলুজিৎ দাসে সাংবাদিকৰ আগত কয় যে, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰিক্ষাত তামুলপুৰ জিলাৰ বিজ্ঞান শিক্ষাৰ ফলাফলে শীৰ্ষ স্থান লাভ কৰিছে যদিও জিলাখনত বিজ্ঞান শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠানৰ অভাৱ বাৰুকৈয়ে আছে । যাৰ বাবে জিলাখনৰ ছাত্ৰ-ছাত্ৰী সকলে বাহিৰলৈ গৈ অধ্যয়ন কৰিবলগীয়া হৈছে । সেয়ে জিলাখনত তিনিখন বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাই দুলুজিৎ দসে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande