
কামৰূপ, ২৮ জুন (হি.স.)। নগৰবেৰাৰ ৰঙ্গেশ্বৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। নিশা ড্ৰাগছ সহ এটা কুখ্যাত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।গ্ৰেপ্তাৰ কৰা হয় ইলিবৰ আলী নমাৰ ড্ৰাগছ সৰবৰাহকাৰীটোক।
আৰক্ষীয়ে ইলিবৰ আলীৰ বাসগৃহত অভিযান চলাই ১০ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু ৩৩ টা খালী কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাস আৰু টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতাৰ নেতৃত্বত যুটীয়া ভাৱে চলায় এই অভিযান।উল্লেখ্য যে, নগৰবেৰা আৰক্ষী থানা এলেকাত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰচলন।। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিবলৈ ৰাইজে দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু