ডবকাৰ ভেলেউগুৰিৰ পৰা নিৰুদ্দেশ এটি ১৪ বছৰীয়া কিশোৰ ছাত্ৰ
ডবকাৰ ভেলেউগুৰিৰ পৰা নিৰুদ্দেশ হয় এটি ১৪ বছৰীয়া কিশোৰ ছাত্ৰ৷
ডবকাৰ ভেলেউগুৰিৰ পৰা নিৰুদ্দেশ এটি ১৪ বছৰীয়া কিশোৰ ছাত্ৰ


হোজাই, ২৮ জুন (হি.স.): হোজাইৰ ডবকাৰ ভেলেউগুৰিৰ পৰা নিৰুদ্দেশ হয় এটি ১৪ বছৰীয়া কিশোৰ ছাত্ৰ ৷ কিশোৰ ছাত্ৰজনৰ নাম নুৰ হুছেইন বুলি জানিব পৰা গৈছে ।

নুৰ হুছেইন নামৰ কিশোৰটি বৃহস্পতি বাৰে পুৱা টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল । তাৰ পিছৰে পৰা বৰ্তমানলৈকে কোনো সন্ধান নাই কিশোৰ জনৰ । যাৰ ফলত ছাত্ৰ জনৰ ঘৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে । কোনো সদাশয় ব্যক্তিয়ে কিশোৰ জনক প্ৰত্যক্ষ কৰিলে ৯৮৬৪৫ ১৫১২০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande