
কোকৰাঝাৰ, ২৮ জুন (হি.স.): অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰস্থিত আয়ুস্মান আৰোগ্য মন্দিৰ আৰোগ্য পৰম ধন স্বাস্থ্য কেন্দ্ৰত পুনৰ এবাৰ চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিশাৰ অন্ধকাৰৰ সুযোগ লৈ এজন চোৰে স্বাস্থ্য কেন্দ্ৰৰ চৌহদত প্ৰৱেশ কৰি বিভিন্ন সামগ্ৰী চুৰি কৰি লুটি লৈ যায়। ইয়াৰ আগতে শ্ৰীৰামপুৰ স্বাস্থ্য কেন্দ্ৰত সামগ্ৰী চুৰি কৰাৰ সময়ত স্হানীয় এজন যুৱকে কেমেৰাত আৱদ্ধ কৰি ৰখাত চোৰজনে উলোটাকৈ তেওঁক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উঠিছে।
প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, চোৰজনে হাতে-লোতে ধৰা পৰাৰ পিছতো কোনো ভয় নকৰাকৈ অশালীন ভাষা প্ৰয়োগ কৰাৰ লগতে পুনৰ ক্ষতি কৰাৰো ভাবুকি দিয়ে । ভাবুকি প্ৰদান কৰা চোৰজনৰ নাম বুধেন ৰায় বুলি জানিবলৈ দিয়ে । ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ক্ষোভ প্ৰকাশ কৰে।
উল্লেখ্য যে, আয়ুস্মান আৰোগ্য মন্দিৰত ইয়াৰ পূৰ্বেও একাধিকবাৰ চুৰিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে দাবী কৰিছে । কিন্তু এতিয়ালৈকে স্থায়ী সমাধান বা কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত অসন্তুষ্টি প্ৰকাশ কৰিছে । ঘটনাৰ সন্দৰ্ভত শ্ৰীৰামপুৰ আৰক্ষীক অৱগত কৰা হৈছে বুলি জানিব পৰা গৈছে। দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি স্বাস্থ্য কেন্দ্ৰটোৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ