অৱশেষত সাময়িকভাৱে ছিল বহু বিতৰ্কিত ৰঙিয়া ষ্টেচনস্থিত গহণা বিপণী নিউ ভাৰত গহণালয়
অৱশেষত সাময়িক ভাৱে ছিল কৰা হ'ল বহু বিতৰ্কিত ৰঙিয়া ষ্টেচন স্থিত গহণা বিপণী নিউ ভাৰত গহণালয়।
অৱশেষত সাময়িকভাৱে ছিল বহু বিতৰ্কিত ৰঙিয়া ষ্টেচনস্থিত গহণা বিপণী নিউ ভাৰত গহণালয়


কামৰূপ, ২৮ জুন (হি.স.): অৱশেষত সাময়িক ভাৱে ছিল কৰা হ'ল বহু বিতৰ্কিত ৰঙিয়া ষ্টেচন স্থিত গহণা বিপণী নিউ ভাৰত গহণালয়।যোৱা কালি শনিবাৰে নিশা ৰঙিয়া প্ৰশাসন আৰু পৌৰসভাৰ কাৰ্য্যবাহী বিষয়াৰ উপস্থিতিত আৰক্ষীয়ে ছিল কৰে গহণা বিপনীখন।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰঙিয়াত সংঘটিত হৈছিল এক ডকাইতিৰ ঘটনা । প্ৰা:ত ভ্ৰমণলৈ যোৱা এগৰাকী মহিলাৰ ডিঙিৰ পৰা পিষ্টল দেখুৱাই সোণৰ চেইন কাঢ়ি নিছিল দুই চিলনী চোৰে । এই সমগ্ৰ ঘটনাৰ লগত নাম সাঙোৰ খাইছিল গহণালয় খনৰ। ইতিমধ্যেই ৰঙিয়া আৰক্ষীয়ে আটক কৰিছে দুই চিলনী চোৰৰ লগতে নিউ ভাৰত গহণালয়ৰ স্বত্বাধিকাৰী আমিনুদ্দিন লস্কৰক । চুৰি কৰা গহণা কম দামত ক্ৰয় কৰি চিলনী চোৰক উৎসাহ জগাই অহা বুলি গহণালয় খনৰ বিৰুদ্ধে ৰাইজৰ দীৰ্ঘদিনীয় অভিযোগ উঠি আহিছিল । কিছুদিন পূৰ্বেও একেই অভিযোগত ৰঙিয়া এনটি ৰোড স্থিত আমিনুদ্দিন লস্কৰৰ জ্যেষ্ঠ ভাতৃ তথা নিউ ভাৰত গহণালয়ৰ স্বত্বাধিকাৰী চাহাবুদ্দিন লস্কৰ জালুকবাৰী আৰক্ষীৰ হাতত আটক হৈছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande