
নগাঁও, ২৮ জুন (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ কালিস্থানত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি যোৱা কালি শনিবাৰে সন্ধিয়া উত্তেজনাৰ সৃষ্টি হয় । দুৰ্ঘটনাক কেন্দ্ৰ কৰি একাংশই পথ অৱৰোধ কৰি সৃষ্টি কৰে উত্তেজনাৰ ।
জানিব পৰামতে, নম্বৰ প্লেট বিহীন তিনি মটৰ চাইকেল আৰোহীয়ে খুন্দা মাৰে পথৰ দাঁতিৰ ডিভাইডাৰত । তীব্ৰবেগী মটৰ চাইকেল আৰোহীয়ে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি চিটিকী পৰে পথৰ ওপৰত । দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় তিনিজনকৈ আৰোহী। ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত আহত তিনিও ৪নং ভূৰবন্ধাৰ আশাদুল ইছলাম, ৰকিবুল ইছলাম আৰু আক্কাছ আলী বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত সকলক চিকিৎসালয়ত প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ