
বৰপেটা, ২৮ জুন (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ সালেকুৰা এটা পথৰ দুৰৱস্থাৰ বাবে যাতায়ত ব্য়ৱস্থা দুৰ্বিসহ হৈ পৰিছে । জনীয়া ৰাজ্যিক ঘাইপথৰ পৰা সালেকুৰা-গাগলমাৰী সংযোগী পথৰ দুৰৱস্থাই জ্বলা-কলা খোৱাইছে ৰাইজক । এজাক বৰষুণতেই কদৰ্যময় হোৱাৰ লগতে ঠায়ে ঠায়ে জমা একাঁঠুলৈকে পানী। দীৰ্ঘদিন ধৰি চৰম দুৰ্ভোগ ভূগিছে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজে।
ৰাইজে অতিষ্ঠ হৈ গাঁঠিৰ ধন খৰচ কৰি ছেন্টগ্ৰেভেল পেলাই মেৰামতিৰ কাম কৰে যদিও সালেকুৰা গাঁৱৰ ৬ নং ৱাৰ্ডৰ সদস্য আব্দুল আলিমে তাৎক্ষণিকভাৱে উক্ত স্থানত উপস্থিত হৈ ৰাইজৰ সৈতে পৰ্যালোচনা সাপেক্ষে ৰাইজে পেলোৱা ছেন্টগ্ৰেভেলৰ সম্পূৰ্ণ খৰচ পঞ্চায়ত কৰ্তৃপক্ষই বহন কৰিব বুলি আশ্বাস প্ৰদান কৰে । সভানেত্ৰী তথা ৱাৰ্ড সদস্য, পঞ্চায়ত কৰ্তৃপক্ষৰ এনে জনহিতৌষি পদক্ষেপক ভূয়ঁসী প্ৰশংসা কৰাৰ লগতে অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদক উক্ত পথচোৱা পকীকৰণ কৰাৰ আহ্বান জনায় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ