ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে শোণিতপুৰ জিলাত পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ
শোণিতপুৰ, ২৮ জুন (হি.স.)। ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (পালছ পলিঅ'') উপলক্ষে আজি শোণিতপুৰ জিলাত পলিঅ'' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, এচিএছ-এ। এই শুভাৰম্ভ অনুষ্ঠান তেজপুৰৰ পৰুৱাস্থিত কনকলতা
ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (পালছ পলিঅ')


ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (পালছ পলিঅ')


ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (পালছ পলিঅ')


ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (পালছ পলিঅ') উপলক্ষে আজি শোণিতপুৰ জিলাত পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে


শোণিতপুৰ, ২৮ জুন (হি.স.)। ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (পালছ পলিঅ') উপলক্ষে আজি শোণিতপুৰ জিলাত পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, এচিএছ-এ। এই শুভাৰম্ভ অনুষ্ঠান তেজপুৰৰ পৰুৱাস্থিত কনকলতা অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে মাননীয় জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে।

সভাত উপস্থিত থাকে অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) শ্ৰী কুলদীপ হাজৰিকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ বিমান শৰ্মা, ৰাজ্যিক পৰ্যবেক্ষক ডাঃ অনুৰাধা বৰঠাকুৰ, উপ-অধীক্ষক,কনকলতা অসামৰিক চিকিৎসালয়ৰ ডাঃ অতুল কুমাৰ কলিতা, জিলা প্ৰতিষেধক বিষয়া ডাঃ টুটুমণি সন্দিকৈ, জিলা কাৰ্যসূচী প্ৰবন্ধক (এনএইচএম) বিনয় দাস, শোণিতপুৰ, জিলা মিডিয়া বিশেজ্ঞ (এনএইচএম), শোণিতপুৰ, কনকলতা অসামৰিক চিকিৎসালয় নাৰ্ছিং বিদ্যালয়ৰ অধ্যক্ষা, ভেকচিন ক'ল্ড চেইন মেনেজাৰ (VCCM), শোণিতপুৰ, স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়ববীয়া, স্বাস্থ্যকৰ্মী আৰু স্থানীয় ৰাইজ।

সভাত জিলা আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱসৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি কয় যে ভাৰতবৰ্ষই ২০১৪ চনত পলিঅ'মুক্ত দেশ হিচাপে স্বীকৃতি লাভ কৰিলেও চুবুৰীয়া দেশ পাকিস্তান আৰু আফগানিস্তানত এতিয়াও পলিঅ'ৰ সংক্ৰমণ দেখা যায়। সেয়েহে প্ৰতিগৰাকী অভিভাৱকে পাঁচ বছৰৰ তলৰ প্ৰতিটো শিশুক পলিঅ'ৰ দুটোপাল ঔষধ খুৱাই এই সফলতা অক্ষুণ্ণ ৰখাত সহযোগিতা কৰিব লাগিব। তেওঁ জানিবলৈ দিয়ে যে এই অভিযান সফলভাৱে ৰূপায়ণৰ বাবে শোণিতপুৰ জিলাত মুঠ ৮৮৬টা পলিঅ' বুথ স্থাপন কৰা হৈছে। যাতায়াতৰত শিশুসকলক সামৰি ল'বলৈ ৩০টা ট্ৰানজিট টীকাকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু দুৰ্গম তথা সেৱাৰ পৰা বঞ্চিত অঞ্চলসমূহ কভাৰ কৰিবলৈ ৫৫টা মোবাইল দল নিয়োজিত কৰা হৈছে। এইবাৰৰ অভিযানত জিলাখনত পাঁচ বছৰৰ তলৰ মুঠ ১,৪৯,০৪৫ জন শিশুক লক্ষ্য হিচাপে ধৰা হৈছে আৰু প্ৰতিগৰাকী শিশুক অ'ৰেল পলিঅ' ভেকচিন (OPV) প্ৰদান কৰা হ'ব।

সভাত উপস্থিত ৰাজ্যিক পৰ্যবেক্ষক ডাঃ অনুৰাধা বৰঠাকুৰে অভিযানৰ ৰূপায়ণ পৰ্যবেক্ষণ আৰু মূল্যায়নৰ উদ্দেশ্যে শোণিতপুৰ জিলাত ভ্ৰমণ কৰাৰ কথাও উল্লেখ কৰা হয়। সভাৰ অন্তত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জিলাবাসী, বিশেষকৈ অভিভাৱক আৰু অভিভাৱিকাসকললৈ আহ্বান জনায় যে পাঁচ বছৰৰ তলৰ প্ৰতিগৰাকী শিশুক ২৮ জুনত ওচৰৰ পলিঅ' বুথলৈ লৈ গৈ পলিঅ'ৰ দুটোপাল ঔষধ খুৱাই পলিঅ'মুক্ত ভাৰত গঢ়াৰ এই অভিযান সফল কৰক। যিসকল শিশু ২৮ জুনত বাদ পৰিব, তেওঁলোকক ২৯ আৰু ৩০ জুনত স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব। জিলা আয়ুক্তৰ সজাগতা বাৰ্তা পলিঅ'ৰ প্ৰতিষেধক সম্পূৰ্ণ নিৰাপদ, ফলপ্ৰসূ আৰু পাৰ্শ্বক্ৰিয়াহীন। সেয়েহে প্ৰতিগৰাকী সচেতন অভিভাৱকে নিজৰ পাঁচ বছৰৰ তলৰ সন্তানক ওচৰৰ পলিঅ' বুথলৈ লৈ গৈ দুটোপাল পলিঅ' ঔষধ খুৱাই পলিঅ'মুক্ত ভাৰত গঢ়াৰ এই জাতীয় অভিযানত অংশগ্ৰহণ কৰক।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande