
বিশ্বনাথ, ২৮ জুন (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰ ঐতিহাসিক ডিপৰা মেইল বজাৰ ঘাটত ব্ৰহ্মপুত্ৰ ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে । চপৰা-চপৰে ভূমিখণ্ড জাহ গৈছে ব্ৰহ্মপুত্ৰ বুকুত । গহপুৰ ঐতিহাসিক ডিপৰা মেইল বজাৰ ঘাটলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ।
যোৱা কেইবা দিন ধৰি ঘাটটোৰ সমীপত অব্যাহত আছে নৈখনৰ ভয়ংকৰ গৰাখহনীয়া । জলসম্পদ বিভাগৰ ফালৰ পৰা এতিয়ালৈকে কোনো প্ৰতিৰোধ মূলক ব্যৱস্থা লোৱা হোৱা নাই । স্থানীয় ৰাইজে শীঘ্ৰে পাৰ্কুপাইন আৰু জিঅ’ বেগ দি খহনীয়া ৰোধ কৰিবলৈ দাবী জনাইছে । এইদৰে গৰাখহনীয়া অব্যাহত থাকিলে গহপুৰ বাবে অতি গুৰুত্বপূৰ্ণ ডিপৰা মেইল বজাৰ ঘাটটো যিকোনো মুহূৰ্ততে নদীৰ গৰ্ভত বিলীন হ’ব পাৰে বুলি আশংকা কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ