১৩৫ সংখ্যক মন কী বাতৰ জৰিয়তে অসম জীয়ৰী ড০ পূর্ণিমা দেৱী বৰ্মনৰ ভূয়সী প্রশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
গুৱাহাটী, ২৮ জুন (হি.স.)। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জনপ্রিয় অঁনাতাৰ অনুষ্ঠান ১৩৫ সংখ্যক ''মন কী বাত''ত হাৰগিলা গার্ল খ্যাত অসম জীয়ৰী ড০ পূর্ণিমা দেৱী বৰ্মনৰ বিষয়ে বর্ণনা কৰে। ''প্রকৃতিৰ জামাদাৰ'' হিচাপে পৰিচিত বিলুপ্তপ্রায় হাৰগিলাই আমাৰ প
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ২৮ জুন (হি.স.)। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জনপ্রিয় অঁনাতাৰ অনুষ্ঠান ১৩৫ সংখ্যক 'মন কী বাত'ত হাৰগিলা গার্ল খ্যাত অসম জীয়ৰী ড০ পূর্ণিমা দেৱী বৰ্মনৰ বিষয়ে বর্ণনা কৰে। 'প্রকৃতিৰ জামাদাৰ' হিচাপে পৰিচিত বিলুপ্তপ্রায় হাৰগিলাই আমাৰ প্ৰকৃতিৰ বুকুখনি পৰিষ্কাৰ কৰি ৰখাত এক অনন্য ভূমিকা পালন কৰি আহিছে।

কিন্তু দুর্ভাগ্যবশতঃ অসমৰ একাংশ অঞ্চলত দীর্ঘদিন ধৰি ইয়াক অমংগলীয়া বা অশুভ বুলি গণ্য কৰা হৈছিল। আনকি বহু সময়ত হাৰগিলাই বাহ সাজি থকা গছবোৰো নির্দয়ভাবে কাটি পেলোৱা হৈছিল। ঠিক তেনে সময়তে প্রকৃতিপ্রেমী জীৱ-বিজ্ঞানী ড০ পূর্ণিমা দেৱী বৰ্মনৰ দৃষ্টিত এই সমগ্ৰ বিষয়টো ধৰা পৰে আৰু তেওঁ লোকচক্ষুত থকা এই কুসংস্কাৰ আৰু ভুল ধাৰণা দূৰ কৰাৰ এক দৃঢ় সংকল্প লয়। ২০০৭ চনতে এই বিষয়টো অনুধাৱন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গবেষক ছাত্রী ড০ পূর্ণিমা দেৱী বৰ্মনে 'আৰণ্যক' নামেৰে এটি বেচৰকাৰী সংস্থাৰ সহযোগত 'হাৰগিলা আৰ্মী' নামৰ অনুষ্ঠানৰ জন্ম দিয়ে।

তেওঁ বিশেষকৈ গাঁৱৰ মহিলাসকলক একত্ৰিত কৰে আৰু বিজ্ঞানসন্মত যুক্তিতর্কৰে সকলোকে বুজাবলৈ চেষ্টা কৰে। ফলত লাহে লাহে গাঁৱৰ বোৱাৰী-জীয়াৰীসকল এই সজাগতা অভিযানৰ স'তে জড়িত হৈ পৰে। এদিন অশুভ বুলি খেদি পঠিওৱা সেই হাৰগিলাই এতিয়া গাঁওখনৰ স্বাভিমান আৰু অনন্য পৰিচয় হৈ পৰে। ২০০৭ চনত কেৱল ২৮ খন হাৰগিলাৰ বাহ থকা পচৰিয়া অঞ্চলত বর্তমান ২০০ খনতকৈও অধিক বাহলৈ বৃদ্ধি পাইছে। তদুপৰি ২০,০০০ সদস্য আৰু ৪০০ স্থানীয় স্বেচ্চাসেৱীৰ মাধ্যমেৰে ড০ পূর্ণিমা দেৱীয়ে অঞ্চলটোৰ হাৰগিলা সংৰক্ষণৰ বাবে কাম কৰি আছে।

প্রকৃতি প্ৰেম আৰু হাৰগিলাৰ সংৰক্ষণৰ বাবে দেশ-বিদেশত সমাদৰ লাভ কৰা ড০ পূর্ণিমা দেৱী বৰ্মনে ২০১৭ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা নাৰী শক্তি পুৰস্কাৰ লাভ কৰাৰ লগতে বৃটিছ ৰাজঘৰৰ হোৱাইটলি বঁটাও লাভ কৰে, যাক সেউজ অস্কাৰ বুলিও জনা যায়। এইগৰাকী মহান প্রকৃতি প্রেমী তথা পৰিৱেশ সংৰক্ষক ড০ পূর্ণিমা দেৱী বৰ্মনৰ বিষয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি 'মন কী বাত'ত সগৌৰৱে উল্লেখ কৰে। এইদৰে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৩৫ সংখ্যক 'মন কী বাত' অনুষ্ঠানত অসমৰ বিলুপ্তপ্রায় 'হাৰগিলা' চৰাই আৰু ইয়াৰ সংৰক্ষণৰ বাবে অহোপুৰুষাৰ্থ কৰা বিশিষ্ট জীৱ-বিজ্ঞানী ড০ পূর্ণিমা দেৱী বৰ্মনৰ লগতে তেওঁৰ দ্বাৰা গঠিত 'হাৰগিলা আর্মী' (Hargila Army)-ৰ মহিলাসকলৰ অৱদান আৰু ভূমিকাৰ বিষয়ে উল্লেখ কৰি ভূয়সী প্রশংসা কৰে। ইয়াৰ দ্বাৰা ড০ পূর্ণিমা দেৱী বৰ্মনৰ কৰ্মৰাজী দেশ-বিদেশত প্ৰচাৰ কৰাৰ লগতে অনাগত সময়ত হাৰগিলা সংৰক্ষণৰ কামত অধিক উৎসাহ লাভ কৰিব বুলিও আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলৰ মুখপাত্র প্রাঞ্জল কলিতাই উল্লেখ কৰে।

ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই মঙলদৈ মণ্ডলৰ ১৫৪ নং বুথত আয়োজিত ১৩৫ সংখ্যক 'মন কী বাত' অনুষ্ঠানত অংশগ্রহণ কৰি শ্ৰৱণ কৰে। উল্লেখযোগ্য যে আজি অসম প্রদেশ বিজেপি ৩৯ সাংগঠনিক জিলাৰ ৪৩৩ টা মণ্ডলৰ ৩০ হাজাৰতকৈও অধিক বুথত লাখ লাখ কার্যকর্তাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত' অনুষ্ঠান শ্ৰৱণ কৰে বুলি মুখপাত্ৰ গৰাকীয়ে সদৰী কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande