বাক্সা জিলাৰ বৰবৰীৰ দিৰিংগাপুৰত লোমহৰ্ষক হত্যাকাণ্ড
বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত দিৰিংগাপুৰত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।
বাক্সা জিলাৰ বৰবৰীৰ দিৰিংগাপুৰত লোমহৰ্ষক হত্যাকাণ্ড


তামুলপুৰ, ২৮ জুন (হি.স.): বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত দিৰিংগাপুৰত যোৱা কালি শনিবাৰে নিশা লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । নিজ মাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পাঁচবছৰীয়া পুত্ৰৰ ।

উল্লেখ্য় যে শুনিলেই গাৰ নোম শিয়ৰী উঠা কাণ্ড সংঘটিত কৰিলে নিজ মাতৃয়ে । নিজ পুত্ৰৰ ডিঙি কাটি পাষাণ মাতৃয়ে কৰিলে হত্যা।মাতৃৰ নাম নেউচি বড়ো বুলি জানিব পৰা গৈছে । মৃত পুত্ৰৰ নাম ৰণবীৰ সিং বড়ো । ইতিমধ্যে বাক্সা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী মাতৃক আটক কৰিছে । পৰিয়ালৰ লোকে জানিব দিয়া মতে, মাতৃ গৰাকী মানসিক ৰোগত আক্ৰান্ত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande