কোকৰাঝাৰত বীৰ চিলাগাং বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি
কোকৰাঝাৰ, ২৮ জুন (হি.স.)। আজি বীৰ চিলাগাং বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু দিৱস। এই উপলক্ষ্য়ত কোকৰাঝাৰ জিলাৰ বংচীগাঁওস্থিত সমাধিস্থলীত শ্ৰদ্ধাঞ্জলিৰে সোঁৱৰিলে বীৰ যোদ্ধাক । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে বি টি চিৰ কাৰ্যবাহী সদস্য দেৰহাসাৎ বসুমতাৰী,
কোকৰাঝাৰত বীৰ চিলাগাং বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি


কোকৰাঝাৰ, ২৮ জুন (হি.স.)। আজি বীৰ চিলাগাং বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু দিৱস। এই উপলক্ষ্য়ত কোকৰাঝাৰ জিলাৰ বংচীগাঁওস্থিত সমাধিস্থলীত শ্ৰদ্ধাঞ্জলিৰে সোঁৱৰিলে বীৰ যোদ্ধাক । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে বি টি চিৰ কাৰ্যবাহী সদস্য দেৰহাসাৎ বসুমতাৰী, মৃত্যুঞ্জয় বসুমতাৰী, বিধায়ক ৰুপম চন্দ্ৰ ৰায়, শোভাৰাম বসুমতাৰী, পাৰিষদ জুবিৰাজ বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী উৰ্খাউগৌৰা ব্ৰহ্ম সহ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই।

১৯৫৯ চনৰ ১ ফেব্ৰুৱাৰীত বংচীগাঁৱত জন্ম গ্ৰহণ কৰি ১৯৯৭ চনৰ ২৮ জুন অৰ্থাৎ আজিৰ দিনটোতে মৃত্যু হৈছিল বীৰ চিলাগাং বসুমতাৰী । বীৰ চিলাগাং বসুমতাৰী আছিল বড়ো লিবাৰেচন টাইগাৰ চমুকৈ বি এল টি সশস্ত্ৰ সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি।

পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ আন্দোলনত নিজকে ত্যাগ কৰি প্ৰাণ আহুতি দিছিল বীৰ যোদ্ধা চিলাগাং বসুমতাৰীয়ে ।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বি টি চিৰ কাৰ্যবাহী সদস্য দেৰহাসাৎ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত বীৰ চিলাগাং বসুমতাৰীৰ অৱদানৰ বাবে বিটিচি, বি টি আৰ চুক্তি স্বাক্ষৰিত হ'বলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। আনহাতে প্ৰাক্তন মন্ত্ৰী উৰ্খাউগৌৰা ব্ৰহ্মই বীৰ চিলাগাং বসুমতাৰীৰ অৱদানৰ কথা সোঁৱৰাই তেওঁ সংগ্ৰামী নেতা লগতে শিক্ষকো আছিল বুলি জানিব দিয়ে।

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত যেনেকৈ বি টি চি চৰকাৰে বডোফা মিচন লোৱা হৈছে ঠিক সেইদৰে বীৰ চিলাগাং বসুমতাৰীৰ নামতো আঁচনি ল'ব লাগে বুলি দাবী কৰে । বীৰ চিলাগাং বসুমতাৰীৰ সমাধিস্থলী সুন্দৰ গঢ়ি তোলাৰ বাবে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে আঁচনি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে পাৰিষদ জুবিৰাজ বসুমতাৰীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande