
–শ্ৰীৰামপুৰত চিকিৎসালয়খন আজিলৈকে মুকলি নোহোৱাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ
কোকৰাঝাৰ, ২৮ জুন (হি.স.): অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘাল শ্ৰীৰামপুৰ ভ্ৰমণকালত বিজেপি দলৰ শ্ৰীৰামপুৰ মণ্ডল কমিটিৰ উদ্যোগত উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়। বিজেপিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য সজল কুমাৰ সিংহৰ বাসগৃহত যোৱা কালি শনিবাৰে সন্ধিয়া অনুষ্ঠিত এই অনুষ্ঠানত মণ্ডল সমিতিৰ বিষয়ববীয়া, দলীয় কৰ্মী আৰু বহু সংখ্যক সমৰ্থক উপস্থিত থাকে।
অনুষ্ঠানত মণ্ডল কমিটিৰ বিষয়ববীয়াসকলে শ্ৰীৰামপুৰ অঞ্চলৰ বিভিন্ন জনসমস্যা আৰু উন্নয়নমূলক বিষয় মন্ত্ৰীগৰাকীৰ আগত দাঙি ধৰে। বিশেষকৈ বহুদিন ধৰি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো শ্ৰীৰামপুৰ চিকিৎসালয়খন আজিলৈকে ৰাইজৰ বাবে মুকলি নোহোৱাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি শীঘ্ৰে চিকিৎসালয়খন উদ্বোধন আৰু চিকিৎসা সেৱা আৰম্ভ কৰাৰ দাবী জনায়।
মন্ত্ৰী অশোক সিংঘালে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰি সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ