ঘোৰামাৰা গাঁৱত আই আৰু মানাহ নদীৰ সংযোগস্থলীত বিধ্বংসী খহনীয়াৰ তাণ্ডৱ
ঘোৰামাৰা গাৱত আই আৰু মানাহ নদীৰ সংযোগস্থলীত বিধ্বংসী খহনীয়াৰ তাণ্ডৱ৷
ঘোৰামাৰা গাঁৱত আই আৰু মানাহ নদীৰ সংযোগস্থলীত বিধ্বংসী খহনীয়াৰ তাণ্ডৱ


বঙাইগাঁও, ২৮ জুন (হি.স.): বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তগৰ্ত ঘোৰামাৰা গাঁৱত আই আৰু মানাহ নদীৰ সংযোগস্থলীত বিধ্বংসী খহনীয়াৰ তাণ্ডৱ চলিব ধৰিছে ৷ চপৰা চপৰে খহিছে ঘৰ বাৰী, কৃষিভূমি ৷ যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ নৈৰ পানী বৃদ্ধি হোৱাত খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ৷ ফলত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে ৷ এইক্ষেত্ৰত ঘোৰামাৰা গাৱৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ; বিঘাই বিঘাই খেতি পথাৰ; ৰাস্তা -ঘাট আদি নৈৰ বুকুত জাহ গৈছে ।

ইফালে খহনীয়াগ্ৰস্ত লোকসকলে জন প্ৰতিনিধিৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ক্ষুব্ধ ৰাইজে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে ৰাইজে আপোনাক ১০ লাখ ভোটৰ ব্যৱধানত জিকাইছে, কিন্তু একো কাম হোৱা নাই ৷ কেৱল সৃজনগ্ৰামতেই নহয় ধুবুৰী লোক সভা সমষ্টিৰ অন্তগৰ্ত নদীৰ খহনীয়াৰ কোনো খবৰ লোৱা নাই ৷ কেৱল টিভিৰ পৰ্দাত ওলাই থকা এনে নিলাজ সাংসদৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে লোকসকলে ৷ সাংসদজনৰ কাম কাজত সন্তুষ্ট নহয় বুলি মন্তব্য কৰে ভূক্তভোগী লোকসকলে ৷ ইপিনে খহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কামনা কৰিছে ভুক্তভোগী লোকসকলে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande