নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰণ
ৰাষ্ট্ৰীয় পথ পাৰ জনাঞ্চলৰ দিশে গজ গমন।
নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰণ


গোলাঘাট, ২৮ জুন (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ মুক্ত বিচৰণ পৰিলক্ষিত হৈছে । এন্ধাৰৰ সুযোগ লৈ এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে শনিবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে যাত্ৰা কৰিছে গোবিন্দপুৰ চাহ বাগিচাৰ দিশে। তাৰ পিছত স্থানীয় গাঁওসমূহত উপদ্ৰৱ চলোৱাৰ আশংকাত আতংকিত হৈ পৰিছে জনসাধাৰণ।

উল্লেখযোগ্য যে লেটেকুজান চাহ বাগিচাত কেইবাটাও বন্যহস্তীৰ এটা জাকেও অৱস্থান কৰি আছে। যিকোনো মুহূৰ্তত জনাঞ্চললৈ ওলাই আহিব পাৰে। ইয়াকে লৈ সম্প্ৰতি ৰংবং, বুঢ়াগোহাঁইখাট, বকিয়াল আদি অঞ্চলৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়াত পৰিছে।

উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande