
কাৰ্বিআংলং, ২৮ জুন (হি.স.)। ডিফু শাখা কবি সন্মিলনৰ নৱম প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিবেশন ডিফুত অনুষ্ঠিত।
সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত ডিফু শাখা কবি সন্মিলনৰ নৱম প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিবেশন শনিবাৰে বিয়লি ডিফুত অনুষ্ঠিত হয় । ডিফু ৰাংছিনা ভৱনত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটিত সভাপতিত্ব কৰে ডিফু শাখা কবি সন্মিলনৰ সভাপতি গীতা বৰাই ।
নিমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভেজ হুছেইন আৰু সম্পাদক কৃষ্ণ দৈমাৰী উপস্থিত থাকে । কবি প্ৰণিতা ঠাকুৰীয়া বেজবৰুৱাৰ সুগন্ধি ফুলৰ নতুন সুৱাস নামৰ কবিতা পুথিখনি ডিফু শাখাৰ সভাপতি গীতা বৰাই উন্মোচন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে আৰু লগতে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ন পুৰণি কবি সকলৰ মাজত এখনি কবি সন্মিলন অনুষ্ঠিত কৰা হয় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু