
কামৰূপ, ২৮ জুন (হি.স.)। ডিমৰীয়াৰ শিক্ষাৰ্থী সকলৰ বাবে এক সুখবৰ। নিৰ্বাচনী প্ৰচাৰত প্ৰদান কৰা প্ৰতিশ্ৰুতি পালনৰ দিশে আগবাঢ়িছে ডিমৰীয়াৰ বিধায়ক ড০ তপন দাস ।
সোণাপুৰ মহাবিদ্যালয়ত অহা ১ জুলাইৰ পৰা বিনামূলীয়াকৈ এমহীয়া এপিএছচি আৰু এডিআৰই পৰীক্ষাৰ বাবে কোচিঙৰ ব্যৱস্থা কৰিছে বিধায়ক গৰাকীয়ে । জেনচাইন একাডেমী'ৰ সহযোগত অভিজ্ঞ ব্যক্তিৰ দ্বাৰা হ'বলগীয়া এই কোচিঙৰ যোগেৰে ডিমৰীয়াৰ ছাত্ৰ ছাত্ৰী সকলক ৰাজ্যিক-ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাত সহায়ক হ'ব বুলি আশাবাদী বিধায়ক গৰাকী। প্ৰ-পত্ৰ সমূহ সোণাপুৰ মহাবিদ্যালয়ৰ পৰা শিক্ষাৰ্থী সকলক সংগ্ৰহ কৰাৰ আহ্বান জনাইছে বিধায়ক ড০ তপন দাসে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar