স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে শুভাৰম্ভ কৰিলে ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত কেন্দ্ৰীয় ভাবে আয়োজিত পালছ প'লিঅ' কাৰ্যসূচীৰ
ধুবুৰী, ২৮ জুন (হি.স.)। সমগ্ৰ অসমৰ লগতে আজি ধুবুৰী জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে পালছ প''লিঅ'' কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰী অশোক সিংহলে।
স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে শুভাৰম্ভ কৰিলে ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত কেন্দ্ৰীয় ভাবে আয়োজিত পালছ প'লিঅ' কাৰ্যসূচীৰ


ধুবুৰী, ২৮ জুন (হি.স.)। সমগ্ৰ অসমৰ লগতে আজি ধুবুৰী জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে পালছ প'লিঅ' কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰী অশোক সিংহলে। ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত কেন্দ্ৰীয় ভাবে আয়োজন কৰা এই পালছ প'লিঅ' কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মন্ত্ৰী অশোক সিংহলে কয় সমগ্ৰ ৰাজ্যৰ ২৪ হেজাৰ স্বাস্থ্য কেন্দ্ৰত আজি প্ৰায় ৫২ হেজাৰ স্বাস্থ্য কৰ্মী এই কাৰ্যসূচী ৰূপায়ণ কৰিব।

পলিঅ' মূক্ত ভাৰতৰ কাৰণে অসমেও সমগ্ৰ ভাৰতৰ লগত লগ লাগিল। শিশু আৰু মাতৃক ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে চৰকাৰৰ বিভিন্ন স্বাস্থ্য মূলক সেৱা চলি থাকিব বুলি তেওঁ কয়।

আজি অসমত টীকাকৰণ কাৰ্যসূচীৰ ৯৯ শতাংশৰো আধিক ডিজিটেল হৈ পৰিছে।টেকন'ল'জিৰ দ্বাৰা পৰিচালিত হয়।

স্বাস্থ্য কৰ্মী সকলৰ অশেষ প্ৰচেষ্টাৰ ফলতে আজি অসমত ৯৫ শতাংশ মাতৃ-শিশু টিকাকৰণ কৰিবলৈ সুবিধা পাইছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে স্বাস্থ্য বিভাগটোৱে সফলতা লাভ কৰিছে বুলি তেওঁ কয়। আজিৰ এই অনুষ্ঠানত ধুবুৰী স্বাস্থ্য বিভাগৰ যুটীয়া সন্চালক ডা:জ্যোতি কুমাৰ দাস, ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডা:অংকুমণি শইকীয়া কে ধৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া-স্বাস্থ্য কৰ্মী সকল উপস্থিত থাকে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande