জামুগুৰিহাটৰ চৌকিঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ
জামুগুৰিহাটৰ চৌকিঘাটত চাঞ্চল্য।
জামুগুৰিহাটৰ চৌকিঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ


শোণিতপুৰ, ২৮ জুন (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চৌকিঘাটত যোৱা কালি শনিবাৰে বিয়লি চাঞ্চল্যৰ ঘটনা সংঘটিত হয় ।চৌকিঘাট দলঙৰ তলত উদ্ধাৰ কৰা হয় এটি অচিনাক্ত মৃতদেহ। জামুগুৰিহাটৰ চৌকিঘাট দলঙৰ তলত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহটো।

জীয়া ভৰলী নদীৰ পানীত উটি আহিছিল মৃতদেহটো । স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু এছডিআৰএফ বাহিনী । ইতিমধ্যে নদীৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো । বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটোৰ পৰিচয়। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande