দেৰগাঁৱৰ ধোডাঙত মৃতদেহ উদ্ধাৰ
দেৰগাঁৱৰ ধোডাঙত মৃতদেহ উদ্ধাৰ।
দেৰগাঁৱৰ ধোডাঙত মৃতদেহ উদ্ধাৰ


গোলাঘাট, ২৮ জুন (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ ধোডাঙত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । শনিবাৰে নিশা প্রায় ১০.৩০ মান বজাত দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ধোডাঙত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । ধোদাং অঞ্চলৰ এখন দলঙৰ তলত মৃতদেহটো প্ৰত্যক্ষ কৰে কেইজনমান স্থানীয় যুৱকে আৰু খৱৰ দিয়ে কাষৰে ধোদাং থানা আউট পোষ্টত ।

ঘটনাস্থলীত উপস্থিত হয় ধোদাং থানাৰ আৰক্ষী আৰু প্ৰায় নিশা ১১.৩০ মান বজাত মৃতদেহটো লৈ অনা হয় দেৰগাঁও সামূহিক চিকিৎসালয়লৈ । পৰৱৰ্তী সময়ত মৃতদেহটো পোষ্ট মৰ্টেমৰ বাবে লৈ যোৱা হয় গোলাঘাট অসামৰিক চিকিৎসালয়লৈ । জানিব পৰা মতে মৃতদেহটো নতুন চাপৰিৰ জয়ন্ত মুদৈ নামৰ এজন ৩১ বছৰীয়া যুৱকৰ । যুৱকজনৰ মুখমণ্ডলত স্পষ্টকৈ আছে আঘাতৰ চিন । এইয়া এক হত্যাকাণ্ড নে আত্মহত্যা, নে আন কোনো কাৰণত মৃত্যু হৈছে, সেই কথা স্পষ্ট হোৱা নাই এই পৰ্য্যন্ত । এতিয়ালৈকে ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰা নাই আৰক্ষীয়ে । আৰক্ষীৰ তদন্তৰ পাছতহে মৃত্যুৰ সঠিক কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande