ডিব্ৰুগড় মহানগৰীত বন বিভাগৰ চকুৰ আগতেই অব্যাহত অবৈধ কোক কয়লাৰ ক’লা বেহা
নিমাতী কইনাৰ ভাও বিয়াগোম বন বিভাগৰ।
ডিব্ৰুগড় মহানগৰীত বন বিভাগৰ চকুৰ আগতেই অব্যাহত অবৈধ কোক কয়লাৰ ক’লা বেহা


ডিব্ৰুগড়, ২৮ জুন (হি.স.): ডিব্ৰুগড় মহানগৰৰ মাজমজিয়া ফুলবাগানৰ কাষতে থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ কয়লাঘাটত এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড যন্ত্ৰচালিত নাৱেৰে দীৰ্ঘদিন ধৰি একাংশ লোকে চলাই গৈছে কোক কয়লাৰ অবাধ বেহা। পিছে এই ক্ষেত্ৰত বন বিভাগ নিমাত হৈ থকাটোৱে চাঞ্চল্য়ৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে, প্ৰতিদিনেই বন ধ্বংসযজ্ঞৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি অহাৰ সময়তে এইসকল বনদস্যুৱে কিন্তু চৰকাৰৰ ৰঙা চকুলৈ অকণো কেৰেপ কৰা নাই । অভিযোগ অনুসৰি, 'কল বিহাৰী' নামৰ এজন ব্যক্তিৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ চাপৰিত থকা বহুতো মূল্যৱান গছ কাটি, সেইবোৰ জলাই কয়লা তৈয়াৰ কৰি এক বৃহৎ ক’লা সাম্ৰাজ্য গঢ়ি তুলিছে এইসকলে । এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয়— মাত্ৰ ১৫০ ৰ পৰা ২০০ মিটাৰ দূৰত্বত, থানা চাৰিআলিতেই ৰেঞ্জাৰৰ কাৰ্যালয় থকাৰ পাছতো ফুলবাগানৰ এটি ৰোড কাষতে দীৰ্ঘদিন ধৰি কেনেকৈ এনেদৰে অবৈধ কয়লা বিক্ৰী কৰি থাকিব পাৰে ? বিয়াগোম বন বিভাগৰ লোকে এই বিষয়ে সঁচাকৈয়ে গম পোৱা নাইনে? নে বন বিভাগৰ পকেটলৈ নিয়মিতভাৱে যায় মোটা অংকৰ কমিচন ? যাৰ বাবে সকলো দেখিও চকু মুদা কুঁলিৰ ভাও জুৰিছে বন বিভাগে ?

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande