জি এম চি এইচ, পি এম চি এইছ পৰিদৰ্শন তথা স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ পর্যালোচনা মুখ্যমন্ত্ৰীৰ
–ৰাজ্যৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালীকৰণত মুখ্যমন্ত্ৰীৰ গুৰুত্ব গুৱাহাটী, ২৮ জুন (হি.স.)। অসমৰ স্বাস্থ্যসেৱাক অধিকশক্তিশালী, আধুনিক আৰু ভৱিষ্যতমুখী কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎস
জি এম চি এইচ, পি এম চি এইছ পৰিদৰ্শন তথা স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ পর্যালোচনা মুখ্যমন্ত্ৰীৰ


–ৰাজ্যৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালীকৰণত মুখ্যমন্ত্ৰীৰ গুৰুত্ব

গুৱাহাটী, ২৮ জুন (হি.স.)। অসমৰ স্বাস্থ্যসেৱাক অধিকশক্তিশালী, আধুনিক আৰু ভৱিষ্যতমুখী কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় তথা প্রাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদর্শন কৰি স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ অগ্রগতিৰ বুজ লয়।

মুখ্যমন্ত্রী ড°শর্মাই প্রথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদ পৰিদর্শন কৰি নির্মাণ হ'বলগীয়া অত্যাধুনিক ৩,০০০ খন বিচনাযুক্ত চিকিৎসালয় ভৱনৰ প্রস্তাৱিত স্থান পৰিদর্শন কৰে। উল্লেখ্য যে এই বৃহৎ প্ৰকল্পই ৰাজ্যৰ স্বাস্থ্যসেবা, চিকিৎসা শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। পৰিদৰ্শনৰসময়ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলে প্রকল্পটোৰ পৰিকল্পনা আৰুৰূপায়ণৰ অগ্ৰগতি সম্পর্কে মুখ্যমন্ত্রীক অৱগত কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে প্রাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদর্শন কৰি নির্মীয়মান ৫০০ খনবিচনাযুক্ত অত্যাধুনিক চিকিৎসালয় ভবনৰ অগ্রগতিৰ বুজ লয় আৰুচিকিৎসালয় কর্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু নিৰ্মাণকাৰী সংস্থাৰ সৈতে এক বিস্তৃত পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। বৈঠকত নিৰ্মাণৰ অগ্রগতি,নির্মিত ভবনসমূহ সময়মতে হস্তান্তৰকৰণ, সীমাৰ দেৱাল, ফেকাল্টিৰ আৱাস তথা খেলপথাৰ নির্মাণ আৰুঅন্যান্য প্রয়োজনীয় আন্তঃগাঁথনি উন্নয়নৰ বিষয়সমূহ বিস্তৃতভাবে পর্যালোচনা কৰা হয়।

মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট সকলো পক্ষক গুণগত মান, স্বচ্ছতা, জবাবদিহিতা আৰুনির্ধাৰিত সময়সীমা কঠোৰভাৱে মানি নির্মাণকার্য সম্পূৰ্ণ কৰাৰ নির্দেশ দিয়ে।বৈঠকত মুখ্যমন্ত্রীয়ে জনসাধাৰণক সহজলভ্য, সুলভ আৰু বিশ্বমানৰ চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা এক শক্তিশালী স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, প্রাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ বসন্ত বৈশ্য প্রমুখ্যে অন্যান্য জ্যেষ্ঠ চিকিৎসক তথা চিকিৎসা বিষয়াসকলে অংশগ্রহণ কৰে। ইয়াৰ আগেয়ে আজি দিছপুৰস্থিত লোকসেৱা ভৱনত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে মুখ্যমন্ত্রীয়ে জনকল্যাণ, সামগ্রিক উন্নয়ন আৰু আত্মনির্ভৰশীল অসমৰ লক্ষ্য বাস্তবায়নৰ বিভিন্ন দিশ সম্পর্কত ইতিবাচক মতবিনিময়ত অংশগ্রহণ কৰে। ৰাজ্যৰ উন্নয়নৰ যাত্ৰাত চৰকাৰ আৰু সমাজৰ সমন্বিত অংশীদাৰিত্বৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande