বিলাসীপাৰাত পোন প্ৰথম বাৰৰ বাবে সৰ্বভাৰতীয় হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা
ধুবুৰী, ২৮ জুন (হি.স.)। বিলাসীপাৰাত পোন প্ৰথম বাৰৰ বাবে সৰ্বভাৰতীয় হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে মহাৰাষ্ট্ৰ, হিমাচল, বিহাৰ, উত্তৰ প্ৰদেশ, মনিপুৰ, ছিক্কিম, পশ্চিম বংগ আদি ৰাজ্যৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ১৭০ গৰাকী প্ৰত
বিলাসীপাৰাত পোন প্ৰথম বাৰৰ বাবে সৰ্বভাৰতীয় হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা


ধুবুৰী, ২৮ জুন (হি.স.)। বিলাসীপাৰাত পোন প্ৰথম বাৰৰ বাবে সৰ্বভাৰতীয় হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে মহাৰাষ্ট্ৰ, হিমাচল, বিহাৰ, উত্তৰ প্ৰদেশ, মনিপুৰ, ছিক্কিম, পশ্চিম বংগ আদি ৰাজ্যৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ১৭০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

ডিআৰএম ফাউণ্ডেচনৰ উদ্যোগত দেওবাৰে পুৱা আয়োজিত প্ৰতিযোগিতা খনি ফ্লেগ অফ কৰি শুভ উদ্বোধন কৰে বিলাসীপাৰা সমজিলা আয়ুক্তা ড: প্ৰীতিলেখা ডেকাই ।

২১ কিলোমিটাৰ পুৰুষৰ মাৰাথান দৌৰত প্ৰথম স্থান লাভ কৰে অক্ষয় কুমাৰ,২য় স্থান লাভ কৰে জুগনু কুমাৰ আৰু ৩য় স্থান লাভ কৰে ছান ইংতিয়ে ।

১৫ কিলোমিটাৰ মহিলাৰ মাৰাথন দৌৰত প্ৰথম স্থান লাভ কৰে অনু পাল ২য় স্থান লাভ কৰে তেজস্বীনি লাম্বাকানে আৰু ৩য় স্থান লাভ কৰে পূৰ্ণিমা ৰাজভৰে । বিলাসীপাৰাৰ সু-সন্তান তথা দিল্লী মেক্স হস্পিতালৰ নিউৰো চাৰ্জন চিকিৎসক ঋষিকেশ চক্ৰৱৰ্তীয়ে মূলত স্বাস্থ্য সজাগতাৰ বাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰে।

প্ৰতিযোগিতাত প্ৰথম স্থান লাভ প্ৰতিযোগিক ২১ হাজাৰ টকা,২য় স্থান লাভ প্ৰতিযোগিক ১৫ হাজাৰ টকা আৰু ৩য় স্থান লাভ কৰা প্ৰতিযোগিতা ১০ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰে ।

মূলত স্বাস্থ্য সজাগতাৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাই ব্যাপক চৰ্চিত হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande