
বাক্সা, ২৮ জুন (হি.স.): বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য, পাৰিষদ সকলক লৈ গঠন হ'ব বিটিচি চীফ ভিজিলেঞ্চ মনিটৰিং কমিটি ।আগন্তুক গ্ৰীষ্মবন্ধত দশম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া কোচিং চেণ্টাৰৰ ব্যৱস্থা কৰিব বিপিএফ চৰকাৰে । উচ্ছেদ হ'বলগীয়া বিটিচিৰ অঞ্চলসমূহৰ লোকসকলক উচ্ছেদৰ পূৰ্বে কৰা হ'ব স্থানান্তৰ । নিৰ্দিষ্ট স্থানত বিটিচিৰ বাসিন্দাক সুবিধা প্ৰদান কৰাৰ পিছতহে চলিব উচ্ছেদ । এই বিষয়ে অসম চৰকাৰক জনাব হাগ্ৰামা মহিলাৰীয়ে ।
বাক্সাৰ মুছলপুৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত যোৱা কালি শনিবাৰে বিয়লি অনুষ্ঠিত বিপিএফ দলৰ পলিচি মেকিং বডী (PMB) ৰ বৈঠকত লোৱা হয় এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।লগতে হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ৰ গেটত কেৱল এবছু নহয় বি. এল. টি আৰু এন. ডি. এফ. বিৰো আধিপত্য চলিব লাগে বুলি মন্তব্য কৰে ।সদ্য পদত্যাগী ইউপিপিএল নেতা ৰাকেশ ব্ৰহ্মৰ বাবে বিপিএফৰ দুৱাৰ খোলা আছে নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কোন ৰাকেশ ব্ৰহ্ম মই চিনি নাপাও বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ