কলাইগাঁৱৰ বৰবাগান চাৰিআলিত পুনৰ নিষিদ্ধ মাংস উদ্ধাৰ
বৰবাগান চাৰিআলিত পুনৰ নিষিদ্ধ মাংস উদ্ধাৰ কলাইগাও ।
কলাইগাঁৱৰ বৰবাগান চাৰিআলিত পুনৰ নিষিদ্ধ মাংস উদ্ধাৰ


ওদালগুৰি, ২৮ জুন (হি.স.): ওদালগুৰি জিলাৰ বৰবাগান চাৰিআলিৰ দুৰ্গা মন্দিৰ চৌহদত পুনৰ উদ্ধাৰ হৈছে নিষিদ্ধ মাংস। ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজ আৰু মন্দিৰ পৰিচালনা সমিতিয়ে আৰক্ষীৰ ওচৰত ফোন যোগে অভিযোগ দাখিল কৰিছে। ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ দাবীও উত্থাপন কৰিছে । বৰবাগান চাৰিআলিৰ দুৰ্গা মন্দিৰৰ চৌহদত শনিবাৰে ৰাতিপুৱা স্থানীয় ৰাইজে নিষিদ্ধ মাংস পেলাই ৰখা প্ৰত্য়ক্ষ কৰিছিল ।

আকৌ নিশাৰ ভাগতো পুনৰ বস্তাত ভৰাই থোৱা অৱস্থাত নিষিদ্ধ মাংসৰ ভৰি, মূৰ আৰু অন্যান্য অংশ প্ৰত্যক্ষ কৰে। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয় । স্থানীয় ৰাইজ আৰু মন্দিৰ পৰিচালনা সমিতিয়ে তৎক্ষণাত আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande