শোণিতপুৰ জিলা প্ৰশাসনে সংৰক্ষণ কৰিব অসমৰ ইতিহাস পুনৰ্নিমানৰ মূল্যবান দলিল ৮২৯ খৃষ্টাব্দৰ সংস্কৃত ভাষাত খোদিত ৯ শৰীয়া তেজপুৰ শিলালিপি
শোণিতপুৰ, ২৮ জুন (হি.স.)। ঐতিহাসিক তেজপুৰৰ হৰ্জৰ বৰ্মণৰ শিলালিপি সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে । বিভিন্ন দিশত মহত্ব আৰু গুৰত্ব প্ৰতিপন্ন হোৱা এই বিশেষ শিলালেখ বা শিলালিপি খন সংৰক্ষণৰ বাবে আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে
অসমৰ ইতিহাস পুনৰ্নিমানৰ মূল্যবান দলিল ৮২৯ খৃষ্টাব্দৰ সংস্কৃত ভাষাত খোদিত ৯ শৰীয়া তেজপুৰ শিলালিপি সংৰক্ষণ কৰিব শোণিতপুৰ জিলা প্ৰশাসনে


অসমৰ ইতিহাস পুনৰ্নিমানৰ মূল্যবান দলিল ৮২৯ খৃষ্টাব্দৰ সংস্কৃত ভাষাত খোদিত ৯ শৰীয়া তেজপুৰ শিলালিপি সংৰক্ষণ কৰিব শোণিতপুৰ জিলা প্ৰশাসনে


শোণিতপুৰ, ২৮ জুন (হি.স.)। ঐতিহাসিক তেজপুৰৰ হৰ্জৰ বৰ্মণৰ শিলালিপি সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে । বিভিন্ন দিশত মহত্ব আৰু গুৰত্ব প্ৰতিপন্ন হোৱা এই বিশেষ শিলালেখ বা শিলালিপি খন সংৰক্ষণৰ বাবে আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে একাংশ বিষয়া -কৰ্মচাৰীক লগত লৈ উপস্থিত হয়গৈ ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলিৰ সেই ৰুদ্ৰপদ অৰ্থাৎ ভৈৰৱপদৰ ঐতিহাসিক স্থানত । উপস্থিত হৈয়েই ব্ৰহ্মপুত্ৰৰ পানীৰ মাজত এটা প্ৰকাণ্ড শিলত খোদিত হৈ থকা সেই বিখ্যাত শিলালিপিখন শিলটোৰে সৈতে কেনেকৈ সংৰক্ষণ কৰিব পাৰি আৰু ইতিহাস অনুসন্ধিৎসু দেশী -বিদেশী পৰ্যটক সকলে কেনেদৰে কাষলৈকে গৈ সেই শিলালিপি প্ৰতক্ষ কৰি ইয়াৰ ওপৰত গৱেষণা আদি কৰিব পাৰিব সেই দিশ পৰ্যবেক্ষণ কৰে ।

উল্লেখ্য যে তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস আৰু প্ৰাক্তন সভাপতি বিশিষ্ট ঔপন্যাসিক ড° ভূপেন শইকীয়াৰ নেতৃত্বত উপ- সভাপতি দ্বীজেন নাথ, কাৰ্যনিৰ্বাহক সদস্য দুলাল গোস্বামী আৰু সম্পাদক ড°পল্লৱ ভট্টাচাৰ্যৰ উপস্থিতিত এটা সঁজাতি দলে ২৬ জুন তাৰিখে শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসক সাক্ষাৎ কৰি বৰ্তমান অবলুপ্তপ্ৰায় অৱস্থাত পতিত হোৱা শালস্তম্ভ বংশীয় ৰজা হৰ্জৰ বৰ্মণে জাৰি কৰা ঐতিহাসিক ন শৰীয়া শিলালিপিখন সংৰক্ষণৰ অনুৰোধ জনাই স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰ লাভ কৰিয়েই তাৎক্ষণিকভাৱে জিলা আয়ুক্ত গৰাকীয়ে সংশ্লিষ্ট বিষয়া -কৰ্মচাৰীক মাতি শীঘ্ৰেই স্মাৰক পত্ৰত উল্লেখ কৰা দিশসমূহ কাৰ্যকৰী কৰা হ'ব বুলি জানিবলৈ দিয়াৰ পিছত আজি দুপৰীয়া জিলা আয়ুক্ত গৰাকীয়ে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসহ আন বিষয়ববীয়া আৰু তেজপুৰ সাহিত্য সভাৰ উপসভাপতি দ্বীজেন নাথ, সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্য আৰু প্ৰাক্তন সম্পাদক পংকজ বৰুৱাসহ শিলালিপি থকা শিলটো প্ৰতক্ষ কৰি ইয়াক সংৰক্ষণৰ বাবে সকলো দিশ পৰ্যবেক্ষণ কৰাৰ পিছত সাংবাদিকৰ আগত জিলা আয়ুক্ত গৰাকীয়ে জলসম্পদ বিভাগৰ লগতে পুৰাতাত্বিক বিভাগ, লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই গুৰুত্বপূৰ্ণ শিলালিপিখন জিলা প্ৰশাসনে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বাৰিষাৰ পিছতেই পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি কয় ।

জিলা আয়ুক্ত গৰাকীয়ে পানীৰ মাজত শিলালিপিখন দেশী বিদেশী পৰ্যটকে চাব পৰাকৈ কাষত এটা পকীৰ গাইড বান্ধ নিৰ্মাণ কৰি এখন সেঁতু নিৰ্মাণৰ জৰিয়তে সুকলমে কাষলৈ যাব পৰাকৈ আৰু ভৱিষ্যতে পানী আৰু খহনীয়াই যাতে শিলালিপিখন নষ্ট কৰিব নোৱাৰে তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা বিশেষজ্ঞৰ দ্বাৰা প্ৰকল্প প্ৰস্তুত কৰি আগবঢ়া যাব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ।আনহাতে এই সন্দৰ্ভত অচিৰেই তেজপুৰৰ বিশিষ্ট পুৰাতত্ববিদ সহ একাংশ সচেতন লোকক লৈ এখন নিৰীক্ষণ আৰু তদাৰক সমিতিও গঠন কৰি আগবঢ়া হ'ব বুলি মন্তব্য কৰে ।

আনহাতে জিলা আয়ুক্তগৰাকীক সাক্ষাৎ কৰা সঁজাতি দলটোৰ অন্যতম তেজপুৰ সাহিত্য সভাৰ সম্পাদক তথা ইতিহাস বিভাগৰ অধ্যাপক ড° পল্লৱ ভট্টাচাৰ্যই বিষয়টোৰ সন্দৰ্ভত প্ৰাচীন অসমৰ দ্বিতীয়টো ঐতিহাসিক ৰাজবংশ শালস্তম্ভ ৰাজবংশৰ এগৰাকী প্ৰবল প্ৰতাপী ৰজা হৰ্জৰ বৰ্মণে জাৰি কৰা এখন শিলালেখ যিখনক পিছলৈ ইতিহাসবিদসকলে 'তেজপুৰ শিলালিপি' ৰূপে নামাকৰণ কৰিছিল,আজি ব্ৰহ্মপুত্ৰৰ পাদদেশত পানীৰ যুঁৱলিত পৰি অবলুপ্তপ্ৰায় অৱস্থাত পতিত হৈছে বুলি কয়। ড০ ভট্টাচাৰ্য্যই এই শিলালিপিখনত উল্লেখিত চন ৫১০ গুপ্তাব্দ (৮২৯ খৃ:)ক ভিত্তি কৰিয়েই প্ৰাচীন অসমৰ তিনিওটা ৰাজবংশৰ (বৰ্মণ, শালস্তম্ভ, পাল)ৰজাসকলৰ ৰাজত্বকালৰ আনুমানিক সময় নিৰ্ধাৰণ কৰিব পৰা গৈছিল।

পৰ্যটন স্থলী ঐতিহাসিক ভৈৰৱ পদৰ কাষতে বিৰাজমান সামগ্ৰিকভাবে অসমৰ ইতিহাস পুনৰ্নিমানৰ বাবে অত্যন্ত মূল্যবান দলিল স্বৰূপ এই শিলালিপিখন আমাৰ চকুৰ সন্মুখতে ধ্বংসৰ গৰাহলৈ এৰি দিয়াতো কম পৰিতাপৰ কথা নহয়। সংস্কৃত ভাষাত ৰচিত ৯ শৰীয়া এই শিলালিপিখন তেজপুৰৰ পৰ্যটনৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ।বৰ্তমানে জিলা আয়ুক্তগৰাকীয়ে তেজপুৰ চহৰখনৰ সৌন্দৰ্যবৰ্ধণ, উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ তেজপুৰ সাহিত্য সভাই শ্ৰদ্ধা সহকাৰে লক্ষ্য কৰি আছে বুলি মন্তব্য কৰি ইতিহাস সচেতন আৰু এগৰাকী সংবেদনশীল ব্যক্তি ৰূপে জিলা আয়ুক্তগৰাকীয়ে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰাত জিলা আয়ুক্ত গৰাকীৰ শলাগ লয় ।

উল্লেখ্য যে ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ এই শিলালিপিখন সংৰক্ষণৰ বাবে বিগত বহু বছৰ ধৰি তেজপুৰৰ প্ৰয়াত ইতিহাসবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মাধৱ চন্দ্ৰ দাসৰ লগতে বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ উপৰি তেজপুৰ নাগৰিক সমাজ, অসমীয়া ভাষা উন্নতি সাধিনী সভা আদিয়ে দাবী উত্থাপন কৰি আহিছিল ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande