ৰাজ্যত ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৫৯টা গোচৰ ৰুজু, গ্ৰেপ্তাৰ ৬২ - মুখ্যমন্ত্ৰী ডাঃ শৰ্মা
গুৱাহাটী, ২৮ জুন (হি.স.)। ৰাজ্যৰ ভুৱা চিকিৎসকৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৬২ জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰা হৈছে। ছ’চিয়েল মিডিয়াত নিজৰ অফিচিয
असमः मुख्यमंत्री द्वारा सोशल मीडिया पर जारी पोस्ट की तस्वीर


গুৱাহাটী, ২৮ জুন (হি.স.)। ৰাজ্যৰ ভুৱা চিকিৎসকৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৬২ জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰা হৈছে।

ছ’চিয়েল মিডিয়াত নিজৰ অফিচিয়েল ফেচবুক পেজত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ডাঃ শৰ্মাই কয় যে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা অব্যাহত আছে। ৰাজহুৱা জীৱনৰ লগত হেতালি খেলাটো কেতিয়াও সহ্য কৰা নহ’ব। তেওঁ উল্লেখ কৰে যে ৫৯টা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ৬২জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে দুষ্ট ব্যক্তিসকলে মনত ৰখা উচিত যে সাধাৰণ মানুহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আমাৰ কঠোৰ পদক্ষেপ প্রতিটো অঞ্চলতে অব্যাহত থাকিব ৷ উল্লেখযোগ্য যে শেহতীয়াকৈ নামনি অসমৰ বৰাক উপত্যকা আৰু ধুবুৰী জিলাৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা ঘটনাই এই চৰকাৰী পদক্ষেপক নিশ্চিত কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande