তেজপুৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
–জ্ঞান, চৰিত্ৰ আৰু ৰাষ্ট্ৰ গঠন : প্ৰাচীন ভাৰতীয় দৰ্শন ,স্বামী বিবেকানন্দ আৰু সমকালীন চিন্তাবিদ শীৰ্ষক বিষয়ত ২৫ খন গৱেষণা পত্ৰ উপস্থাপন শোণিতপুৰ, ২৭ জুন (হি.স.)। তেজপুৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰ্ধ
তেজপুৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ


–জ্ঞান, চৰিত্ৰ আৰু ৰাষ্ট্ৰ গঠন : প্ৰাচীন ভাৰতীয় দৰ্শন ,স্বামী বিবেকানন্দ আৰু সমকালীন চিন্তাবিদ শীৰ্ষক বিষয়ত ২৫ খন গৱেষণা পত্ৰ উপস্থাপন

শোণিতপুৰ, ২৭ জুন (হি.স.)। তেজপুৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰ্ধাৰণ কোষৰ সহযোগত জ্ঞান, চৰিত্ৰ আৰু ৰাষ্ট্ৰ গঠন: প্ৰাচীন ভাৰতীয় দৰ্শন, স্বামী বিবেকানন্দ আৰু সমকালীন চিন্তাবিদসকল শীৰ্ষক এখনি এদিনীয়া ৰাষ্ট্ৰীয় আলোচনাচক্ৰ আজি সম্পন্ন হয় । অনুষ্ঠানৰ আৰম্ভণিতে তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ সংগীত পৰিৱেশন কৰে।

তেজপুৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, বিশিষ্ট লেখিকা ড° স্বাধীনতা মহন্তই বন্তি প্ৰজ্বলন কৰি আলোচনা চক্ৰখন শুভ উদ্বোধন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকাই আদৰণি ভাষণ আগবঢ়ায়। ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনত মূল বক্তৃতা প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ ড° দেবাৰ্থ মৰাণে। ড° মৰাণ আৰু দ্বিতীয় কাৰিকৰী অধিৱেশনৰ সমল ব্যক্তি খেৰাজখাত মহাবিদ্যালয়ৰ ড° তুলিকা বৰুৱাৰ সৈতে অনলাইন মাধ্যমযোগে উদ্বোধনী অধিৱেশনত অংশগ্ৰহণ কৰে।

প্ৰথম কাৰিকৰী অধিৱেশনৰ সমল ব্যক্তি ঢেকীয়াজুলিস্থিত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° আব্দুল মজিদ, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলেও উদ্বোধনী অধিৱেশনত উপস্থিত থাকে। উদ্বোধনী অধিৱেশন পৰিচালনা কৰে ৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ সমন্বয়ক তথা তেজপুৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ ড° তৃষ্ণা ৰাণী ডেকাই। আলোচনা চক্ৰখনত অনলাইন আৰু অফলাইন—উভয় মাধ্যমত মুঠ ২৫ খন গৱেষণা পত্ৰ উপস্থাপন কৰা হয়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande