
–বাইকত উঠি দুৰ্গম অঞ্চলৰ শিবিৰত উপস্থিত হৈ নিজেই সম্পন্ন কৰিলে পঞ্জীয়ন
শোণিতপুৰ, ২৭ জুন (হি.স.)। শোণিতপুৰ জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা কৃষি বিভাগৰ উদ্যোগত সমগ্ৰ জিলাখনত ঘৰে ঘৰে ‘কৃষক পঞ্জীয়ন' প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তোলা হৈছে । জিলাখনৰ প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী আঁচনিৰ সুফল লাভ কৰিব পাৰে আৰু কোনো এজনো যোগ্য হিতাধিকাৰী ইয়াৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাক নিশ্চিত কৰিবলৈ যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰিছে । এই সমগ্ৰ প্ৰক্ৰিয়াক ক্ষিপ্ৰ আৰু এশ শতাংশ সফল কৰাৰ উদ্দেশ্যে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ।
শনিবাৰে জিলা আয়ুক্তগৰাকীয়ে অতিৰিক্ত জিলা আয়ুক্ত (কৃষি) ত্ৰীদিব ৰয়ৰ সৈতে জিলাখনৰ বালিপাৰা কৃষি চক্ৰৰ অন্তৰ্গত ফুলবাৰীৰ পানী পোটা গাঁৱৰ ৫ নং লাইনস্থিত এক দুৰ্গম অঞ্চলত অনুষ্ঠিত কৃষক পঞ্জীয়ন শিবিৰত উপস্থিত হয় । চাৰিচকীয়া বাহন নোসোমোৱা উক্ত অঞ্চলটোৰ শিবিৰত বাইকেৰে গৈ পৰিদৰ্শন কৰাৰ লগতে উপস্থিত কৃষকসকলৰ সৈতে মত বিনিময় কৰিলে ।
পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে পঞ্জীয়নৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে নিজেই কম্পিউটাৰৰ সমুখত বহি এগৰাকী স্থানীয় কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিজ হাতেৰে সফলভাৱে সম্পন্ন কৰিলে । জিলা প্ৰশাসনৰ শীৰ্ষতম বিষয়াগৰাকীৰ এনে সৰলতা আৰু তৎপৰতাই দিন-ৰাতি একাকাৰ কৰি কাম কৰি থকা অপাৰেটৰ তথা পঞ্জীয়নৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলক দুগুণ উৎসাহিত আৰু অনুপ্ৰাণিত কৰি তোলে ।
মহকুমা কৃষি বিষয়া (সদৰ) ড০ জাকিৰ হুছেইন, জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক মিতালী ডেকা আৰু সংশ্লিষ্ট পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ উপস্থিতত যোগ্য কৃষকসকলক কৃষক পঞ্জীয়ন কৰিবলৈ আহ্বান জনাই জিলা আয়ুক্তগৰাকীয়ে কয়— কৃষকসকল আমাৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড। চৰকাৰৰ প্ৰতিখন জনকল্যাণমূলক আঁচনিৰ সুবিধা যাতে জিলাখনৰ প্ৰতিগৰাকী প্ৰকৃত কৃষকে লাভ কৰিব পাৰে, তাক নিশ্চিত কৰাটো আমাৰ প্ৰশাসনৰ অন্যতম সৰ্বোচ্চ প্ৰাথমিকতা। এজনো যোগ্য কৃষক এই পঞ্জীয়নৰ পৰা বঞ্চিত নহয়, তাৰ বাবে আমি চুকে-কোণে থকা ঘৰে ঘৰে গৈ এই অভিযান চলাইছোঁ ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ