
ডিব্ৰুগড়, ২০ জুন (হি.স.): ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। এইবাৰ মৰাণৰ ২ নং দিখাৰী গাঁৱত যোৱা কালি শুকুৰবাৰে নিশা আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা। লগতে আটক কৰে এজন সৰবৰাহকাৰীক।
ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে মৰাণ আৰক্ষীৰ তীব্ৰ অভিযান অব্য়াহত আছে । মৰাণ থানাৰ অন্তৰ্গত ২ নং দিখাৰী গাঁৱত দীৰ্ঘদিন ধৰি চলি আছিল অবৈধ ড্ৰাগছ আৰু গাঞ্জাৰ বেহা। এক গোপন তথ্যৰ ভিত্তিত টিংখাং CDSP, মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ-পৰিদৰ্শকৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে নিশা গাঁওখনত অতৰ্কিতে চলায় তলাচী। ববী মৰাণ নামৰ এগৰাকী মহিলাৰ ঘৰত আৰক্ষীয়ে চলোৱা এই অভিযানত পংকজ দত্ত নামৰ মৰাণ নতুন নগৰৰ নিবাসী লোকজনৰ পৰা উদ্ধাৰ হয় প্ৰায় ৩০৮ গ্ৰাম গাঞ্জা। এই সন্দৰ্ভত এন ডি পি এছ (NDPS) আইনৰ অধীনত আৰক্ষীয়ে সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰি ইতিমধ্যে আটক কৰিছে পংকজ দত্তক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ