
মেচখনৰ নায়িকা আছিল প্ৰেণ্ডাৰগাষ্ট
ডাবলিন, ০২ জুন (হি.স.)। আয়াৰলেণ্ডৰ মহিলা দলটোৱে ত্ৰিকোণীয় টি-২০ শৃংখলাত ইতিহাস ৰচনা কৰি সোমবাৰে গভীৰ নিশা ডাকৱৰ্থ-লুইছ-ষ্টাৰন (ডিএলএছ) পদ্ধতি ব্যৱহাৰ কৰি ৱেষ্ট ইণ্ডিজক ১ ৰাণত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় জয় পঞ্জীয়ন কৰে। এই জয়েৰে আয়াৰলেণ্ডে ফাইনেলত প্ৰৱেশৰ আশা আৰু অধিক শক্তিশালী কৰি তুলিলে।
মেচখনৰ নায়িকা আছিল অধিনায়ক অৰ্লা প্ৰেণ্ডাৰগাষ্ট, যিয়ে বেট আৰু বল দুয়োটা দিশতে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। প্ৰথমে দুটা উইকেট দখল কৰাৰ পিছত ৭১ ৰানৰ মেচ বিজয়ী অপৰাজিত ইনিংছ খেলিছিল।
প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজৰ আৰম্ভণি দুৰ্বল আছিল। পাৱাৰপ্লে’ত আভা কেনিঙে দুটা উইকেট দখল কৰি কেৰিবিয়ান দলটোক আগতীয়াকৈ আঘাত কৰে। টপ অৰ্ডাৰৰ বেটছমেনসকলে পাঁচ অভাৰৰ ভিতৰতে পেভিলিয়নলৈ উভতি আহি দলটোক হেঁচাত পেলাইছিল।
ষ্টেফানী টেইলৰে ৰান আউট হোৱাৰ পিছত আঘাত পাই অৱসৰ লোৱাত পৰিস্থিতি আৰু বেয়া হৈ পৰে। ১০ অভাৰৰ অন্তত ৱেষ্ট ইণ্ডিজৰ স্ক’ৰ আছিল মাত্ৰ ৫৩/৪, আৰু দলটোক ডাঙৰ মুঠ লাভ কৰিবলৈ শক্তিশালী অংশীদাৰিত্বৰ প্ৰয়োজন আছিল।
ইয়াৰ পিছত জেনেলিয়া গ্লাছগো আৰু শ্বেমেইন কেম্পবেলে দায়িত্ব লয়। দলটোক বিপদৰ পৰা উদ্ধাৰৰ বাবে তেওঁলোকে এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলিছিল। কেম্পবেলৰ আউট হোৱাৰ পাছত ডেথ অভাৰত প্ৰেণ্ডাৰগাষ্টে দুটা উইকেট দখল কৰি ৱেষ্ট ইণ্ডিজৰ গতি মন্থৰ কৰি পেলায়। নিম্ন অৰ্ডাৰৰ বেটছমেনৰ কিছু উপযোগী বাউণ্ডেৰীৰ বাবেই ৱেষ্ট ইণ্ডিজে ২০ অভাৰত ১৪১/৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ইফালে ১৪২ ৰানৰ লক্ষ্য খেদি খেদি আয়াৰলেণ্ডৰ আৰম্ভণিও শোচনীয় আছিল। ইনিংছৰ প্ৰথম চাৰিটা বলত শৌনিছা হেক্টৰে দুয়োখন অ’পেনাৰক আউট কৰে।
ইয়াৰ পিছত কেপ্তেইন প্ৰেণ্ডাৰগাষ্টে দায়িত্ব লয়। ২৪ সংখ্যক জন্মদিনত তেওঁ উজ্জ্বল বেটিং কৰিছিল, বাউণ্ডেৰীৰ ধুমুহা মাৰিছিল। অৱশ্যে ৱেষ্ট ইণ্ডিজে মাজতে একেৰাহে তিনিটা উইকেট দখল কৰি আয়াৰলেণ্ডে ৬৫/৫ ৰাণত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।
কিন্তু প্ৰেণ্ডাৰগাষ্টে এটা মূৰত দৃঢ়তাৰে ধৰি ৰাখিলে আৰু দ্ৰুতগতিত ৰাণ সংগ্ৰহ কৰি থাকিল। ১৪ অভাৰৰ অন্তত আয়াৰলেণ্ডে ৯৫/৫ ৰান কৰিছিল, য’ত কেৱল প্ৰেণ্ডাৰগাষ্টৰ ৭১ ৰান আছিল। সেই সময়ত ডি এল এছৰ হিচাপ অনুসৰি আয়াৰলেণ্ডৰ জয়ৰ পৰা মাত্ৰ তিনি ৰান বাকী আছিল।
এই সময়ছোৱাত বৰষুণ আৰম্ভ হ’ল। আম্পায়াৰসকলে আন এটা বল বল কৰাৰ সিদ্ধান্ত ল’লে আৰু লুইজ লিটলে সেই বলটো বাউণ্ডেৰীৰ বাবে নিক্ষেপ কৰিলে। ইয়াৰ পিছত বৰষুণ তীব্ৰতৰ হৈ পৰে, যাৰ ফলত খেলুৱৈসকলে খেলপথাৰ এৰিবলৈ বাধ্য হয়। খেল পুনৰ আৰম্ভ কৰিব নোৱাৰিলে, আৰু আয়াৰলেণ্ডক ডি এল এছ পদ্ধতিৰ অধীনত ১ ৰাণেৰে বিজয়ী ঘোষণা কৰা হয়।
চমু স্ক'ৰ
ৱেষ্ট ইণ্ডিজ মহিলা : ১৪১/৮ (২০ অভাৰ) জেনিলিয়া গ্লাছগো ৩৬, শ্বেমেইন কেম্পবেল ৩১, অৰ্লা প্ৰেণ্ডাৰগাষ্ট ২/২৬, আভা কেনিং ২/১১
আয়াৰলেণ্ড মহিলা: ৯৯/৫ (১৪.১ অভাৰ) অৰ্লা প্ৰেণ্ডাৰগাষ্ট ৭১*, শ্বাউনিছা হেক্টৰ ২/২১
ফলাফল: আয়াৰলেণ্ড মহিলা দলে ১ ৰাণত জয়লাভ কৰে (ডি এল এছ পদ্ধতি)।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া