
কাকামিগাহাৰা (জাপান), ০১ জুন (হি.স.): ভাৰতীয় পুৰুষ হকী দলে ১৮ বছৰ অনুৰ্ধ এছিয়া কাপৰ পুল এ মেচত সোমবাৰে কোৰিয়াৰ বিৰুদ্ধে ৪-১ গ’লত গুঞ্জৰিত জয় লাভ কৰে। অধিনায়ক কেতন কুশৱাহাই দুটাকৈ গ’ল দিয়াৰ বিপৰীতে ৱৰিন্দৰ সিং আৰু শ্বাহৰুখ আলীয়ে এটাকৈ গ’ল সংগ্ৰহ কৰে।
খেলখন আগ্ৰাসীভাৱে আৰম্ভ কৰি প্ৰথম কোৱাৰ্টাৰত দুটা গ’লৰ অগ্ৰগতি লাভ কৰে ভাৰতে। তৃতীয় মিনিটত পেনাল্টি কৰ্ণাৰত অধিনায়ক কেতন কুশ্বৱাহাই ৰিবাউণ্ডত গ’ল দিয়ে। মাত্ৰ দুমিনিটৰ পাছতে গাজী খানৰ সুন্দৰ পাছৰ পৰা ভৰিন্দৰ সিঙে গ’ল দি ভাৰতৰ অগ্ৰগতি ২-০লৈ বৃদ্ধি কৰে।
প্ৰথম কোৱাৰ্টাৰৰ পাছত কোৰিয়াই খেলৰ গতি লেহেমীয়া কৰিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতীয় খেলুৱৈসকলে নিজৰ আধিপত্য বজাই ৰাখিছিল। দ্বিতীয় কোৱাৰ্টাৰত দুয়োটা দলৰ মাজত দ্ৰুত গতিৰ খেল দেখা গ’ল যদিও তেওঁলোকে বহু সুযোগ সৃষ্টি কৰা নাছিল। ২১ মিনিটত কোৰিয়াই পেনাল্টি কৰ্ণাৰ লাভ কৰে, যিটো কৰ্ণাৰ অধিনায়ক ইউন জে-হিয়কে ৰূপান্তৰিত কৰি স্ক’ৰ ২-১ কৰে।
তৃতীয় কোৱাৰ্টাৰত ভাৰতে পুনৰ আক্ৰমণ তীব্ৰতৰ কৰি তুলিলে। ৩৬ মিনিটত পেনাল্টি কৰ্ণাৰত কোৰিয়াৰ ডিফেন্সে প্ৰাৰম্ভিক প্ৰচেষ্টাটো ব্লক কৰিবলৈ সক্ষম হয় যদিও বলটো সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰিব নোৱাৰিলে। ইয়াৰ সুযোগ লৈ কেতন কুশৱাহাই দ্বিতীয়টো গ’ল আৰু ভাৰতৰ তৃতীয়টো গ’ল দিয়ে।
অন্তিম কোৱাৰ্টাৰত কোৰিয়াই প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল যদিও ৫৩ মিনিটত ভাৰতীয় গ’লৰক্ষক আয়ুষ ৰাজকে এক উজ্জ্বল ছেভ কৰি অগ্ৰগতি ৰক্ষা কৰে। মাত্ৰ এক মিনিটৰ পাছতে ভাৰতে পাল্টা আক্রমণ কৰি চতুর্থটো গ’ল দিয়ে৷ শ্বাহৰুখ আলীৰ শক্তিশালী শ্বটটোৱে পোষ্টত খুন্দা মাৰি ভাৰতৰ জয়ৰ মোহৰ মাৰিলে।
এই জয়ৰ লগে লগে ভাৰতে এতিয়া ছয় পইণ্ট লাভ কৰি পুল এত জাপান আৰু কোৰিয়াৰ সৈতে সমতাত আছে। দুয়োটা পুলৰ শীৰ্ষ দুটা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিব। ভাৰতে অহা ৩ জুনত চীনা টাইপেইৰ বিৰুদ্ধে চূড়ান্ত পুল মেচ খেলিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া