
নতুন দিল্লী, ০১ জুন (হি.স.)। ফুটবল অনুৰাগীৰ বাবে এক ডাঙৰ খবৰ। জি নেটৱৰ্কে ভাৰতত ফিফা বিশ্বকাপ ২০২৬ সম্প্ৰচাৰ কৰিব। জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজ লিমিটেডে প্ৰতিযোগিতাখনৰ বাবে সম্প্ৰচাৰ আৰু ডিজিটেল ষ্ট্ৰীমিং অধিকাৰ লাভ কৰাৰ কথা ঘোষণা কৰিছে।
এই চুক্তি অনুসৰি বিশ্বকাপৰ খেলসমূহ জি গ্ৰুপৰ সদ্য মুকলি কৰা চাৰিটা ক্ৰীড়া চেনেলত লাইভ সম্প্ৰচাৰ কৰা হ’ব, আনহাতে সকলো খেলৰ লাইভ ষ্ট্ৰীমিং জি৫ত উপলব্ধ হ’ব। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ প্ৰায় দুসপ্তাহ পূৰ্বে এই ঘোষণা কৰা হৈছে। ১১ জুনৰ পৰা ১৯ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া এই বিশ্বকাপত আমেৰিকা, মেক্সিকো আৰু কানাডাই যৌথভাৱে আয়োজন কৰিব।
ইয়াৰ পূৰ্বে জি গ্ৰুপে আই-লীগ আৰু উত্তৰ প্ৰদেশ কাবডী লীগৰ দৰে ক্ৰীড়া অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে। এই মাহত কোম্পানীটোৱে ইউনাইটেড ৮ গ্ৰুপৰ অধীনত চাৰিটা নতুন ক্ৰীড়া চেনেলও মুকলি কৰে, তাৰ পিছত ফিফাৰ সৈতে অধিকাৰ সন্দৰ্ভত আলোচনা আৰম্ভ হয়।
সোমবাৰে জি এণ্টাৰটেইনমেণ্টৰ চিইঅ’ পুনিট গোৱেংকাই এক আনুষ্ঠানিক বিবৃতিত কয় যে, আমি বিশ্বৰ অন্যতম বৃহৎ ক্ৰীড়া অনুষ্ঠান ভাৰতীয় দৰ্শকৰ মাজলৈ আনিবলৈ পাই উৎফুল্লিত হৈছো। ফুটবলে আঞ্চলিক আৰু ভাষাৰ বাধাৰ মাজেৰে মানুহক সংযোগ কৰে। সম্প্ৰচাৰৰ অধিকাৰ অধিগ্ৰহণ কৰি নতুন ক্ৰীড়া চেনেল মুকলি কৰাৰ সিদ্ধান্তই এই ক্ৰীড়াৰ দীৰ্ঘম্যাদী সম্ভাৱনাৰ প্ৰতি আমাৰ আস্থাক প্ৰতিফলিত কৰিছে।
আনুষ্ঠানিক সম্প্ৰচাৰ চুক্তিৰ ধনৰাশি ৰাজহুৱা কৰা হোৱা নাই যদিও প্ৰতিবেদন অনুসৰি এই চুক্তিৰ মূল্য ৩০ৰ পৰা ৩৫ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৩২০ কোটি ₹)ৰ ভিতৰত।
ফিফা বিশ্বকাপ ২০২৬ৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ইতিহাসত সৰ্ববৃহৎ সংস্কৰণ। ৪৮টা দলে অংশগ্ৰহণ কৰিব আৰু মুঠ ১০৪খন খেল অনুষ্ঠিত হ’ব। কিন্তু ভাৰতীয় সময় অনুসৰি গভীৰ নিশা আৰু মাজনিশাৰ পিছত বহু মেচ আৰম্ভ হোৱাৰ বাবে মিডিয়া কোম্পানীসমূহৰ আগ্ৰহ প্ৰথম অৱস্থাত সীমিত আছিল।
খবৰ অনুসৰি ফিফাই প্ৰথমে ভাৰতৰ সম্প্ৰচাৰৰ অধিকাৰৰ মূল্য প্ৰায় ১০ কোটি মাৰ্কিন ডলাৰ আছিল যদিও চাহিদা কম হোৱাৰ বাবে এই চুক্তি প্ৰায় ৩৫ মিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস কৰা হয়।
প্ৰথমতে গভীৰ নিশাৰ মেচৰ সময় আৰু ফুটবল ষ্ট্ৰীমিঙৰ প্ৰতি আগ্ৰহ হ্ৰাস পোৱাৰ বাবে চ’নীয়ে পিছুৱাই যোৱাৰ বিপৰীতে যোৱা বিশ্বকাপ সম্প্ৰচাৰ কৰা জিঅ’ষ্টাৰেও এই অধিকাৰৰ মূল্য প্ৰায় ২ কোটি ডলাৰ বুলি কয়। জি নেটৱৰ্কে ইয়াৰ মাজত সোমাই পৰে আৰু সম্প্ৰচাৰৰ অধিকাৰ লাভ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া