
আহমেদাবাদ, ০১ জুন (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত তাৰকাময় প্ৰদৰ্শনৰ বাবে সৰ্বাধিক মূল্যৱান খেলুৱৈ (এম ভি পি) বঁটা লাভ কৰা যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে কয় যে এই ছিজনত তেওঁ চাপত বেটিং কৰিবলৈ শিকিছে আৰু মেচৰ পৰিস্থিতিৰ লগত নিজৰ খেলখন খাপ খুৱাই লৈছে।
দেওবাৰে গভীৰ নিশা আৰচিবি আৰু গুজৰাটৰ মাজত খিতাপৰ মেচখনৰ পিছত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত সম্প্ৰচাৰকসকলৰ সৈতে হোৱা কথা-বতৰাত বৈভৱে কয় যে, এই ছিজনত মই চাপত পৰি বেটিং কৰিবলৈ শিকিলোঁ। মই মোৰ খেলখন পৰিস্থিতিৰ লগত খাপ খুৱাবও শিকিলোঁ। প্ৰতিখন মেচতে একে ধৰণে বেটিং কৰিব নোৱাৰি। মেচৰ পৰিস্থিতি বুজিব লাগিব আৰু সেই অনুসৰি খেলিব লাগিব, বিশেষকৈ প্লে অফৰ দৰে ডাঙৰ মেচত।
মাত্ৰ ১৫ বছৰীয়া বৈভৱে আই পি এল ২০২৬ত ১৬খন মেচত ৭৭৬ ৰান সংগ্ৰহ কৰি তাৰকাময় প্ৰদৰ্শন আগবঢ়াইছিল । ৰাজস্থান ৰয়েলছৰ কোৱালিফায়াৰ ২ৰ অভিযানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, গড়ে ৪৮.৫০ আৰু অবিশ্বাস্য ষ্ট্ৰাইক ৰেট ২৩৭.৩১। ইয়াৰ উপৰিও তেওঁ পাঁচটা অৰ্ধশতক আৰু এটা শতক অৰ্জন কৰে।
বৈভৱে এই ছিজনত ব্যক্তিগত বঁটাতো আধিপত্য বিস্তাৰ কৰি ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজন, ছুপাৰ ছিক্সছ অৱ দ্য ছিজন, অৰেঞ্জ কেপ আৰু এমভিপি অৱ দ্য ছিজনকে ধৰি সকলো প্ৰধান সন্মান লাভ কৰে।
ছিজনৰ পিছত ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত কোৱাৰ সময়ত বৈভৱে কয় যে তেওঁ এতিয়া নিজৰ ফিটনেছৰ ওপৰত গুৰুত্ব দিব।
তেওঁ কয় যে মই মোৰ ফিটনেছত গুৰুত্ব দিব লাগিব কাৰণ মই দীৰ্ঘদিন ধৰি ক্ৰিকেট খেলিব বিচাৰো আৰু আঘাতমুক্ত হৈ থাকিব বিচাৰো।
ৰাজস্থান ৰয়েলছৰ দল পৰিচালনা আৰু জ্যেষ্ঠ খেলুৱৈসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয়, সকলোৱে মোক অতিশয় সহায় কৰিছে। দল পৰিচালনা আৰু জ্যেষ্ঠ খেলুৱৈয়ে মোক সদায় উৎসাহিত কৰি আহিছে। তেওঁলোকৰ পৰা মই বহু কথা শিকিছো, কিয়নো তেওঁলোক সকলোৱে উচ্চ পৰ্যায়ত ক্ৰিকেট খেলিছে। তেওঁলোকৰ পৰা শিকিবলৈ পোৱা সুযোগ অত্যন্ত মূল্যৱান হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া