
ধুবুৰী, ০৭ এপ্ৰিল (হি.স.): ধুবুৰী জিলাৰ আগমনীৰ ছাগলীয়াত আৰক্ষীৰ অভিযানত গোধন জব্দ কৰা হৈছে । আৰক্ষীয়ে তালাচী অভিযান জব্দ কৰে বাহন ভৰ্তি ১৭ টাকৈ উন্নত জাতৰ চোৰাং গৰু। লগতে আটক কৰে দুই গো সৰবৰাহকাৰী।
উল্লেখ্য় যে মালবাহী ট্ৰাকত ফলৰ (Fruits) কাৰ্টুনৰ বোজাই দি ভিতৰত গোপনে ৰাখিছিল গো ধন সমূহ। বংগৰ পৰা অসমত প্ৰৱেশৰ সময়ত জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত চোৰাং গৰু ভৰ্তি বাহনখনৰ নম্বৰ এএছ ০১ টিচি ৬২৩০ বুলি কোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ